বৰপেটা, ১৪ জুলাই: ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে অভিযান । ইয়াৰে অংশ ৰূপে বৰপেটা সমষ্টিত বুথ শক্তিশালীকৰণত নামি পৰিছে বিজেপি (BJPs booth meeting in Barpeta) ৷ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে বৃহস্পতিবাৰে বৰপেটা লোকসভা সমষ্টি ভিত্তিত বৰপেটাত অনুষ্ঠিত হয় বুথ শক্তিশালীকৰণ কৰ্মশালা ( Booth Strengthening Workshop of BJP in Barpeta) ৷
উক্ত কৰ্মশালাত অংশ গ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই (Minister Ranjit Kumar Das and MP Bhubaneswar Kalita) ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে জনসংঘৰ দিনৰ পৰাই বৰপেটা লোকসভা দখলৰ বাবে চেষ্টা চলাই থকা হৈছে ৷ অহা ২০২৪ৰ লোকসভা নিৰ্বাচনতো কেন্দ্ৰত যিহেতু নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে চৰকাৰ হ'ব সেয়েহে সকলো জাতি ধৰ্মৰ লোককে বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায় ৷
ইপিনে, বৰপেটা লোকসভা সমষ্টি দখলৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা মিছনৰ সেনাপতিৰ দায়িত্ব লৈছে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৷ সাংসদগৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত বৰপেটা লোকসভাত যাতে বিজয় সাব্যস্ত কৰিব পাৰে তাৰ চেষ্টা চলাব বুলি কয় ৷ জনসংঘৰ দিনৰ পৰাই বৰপেটা দখলৰ যুঁজ চলাই থকা বিজেপিয়ে সেইবাবে এতিয়াৰে পৰাই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ বৰপেটাৰ লগতে নগাঁও আৰু কলিয়াবৰ দখলৰ বাবে বিজেপিয়ে যিদৰে সৰ্বশক্তিৰে নামি পৰিছে সেয়াই ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত পৰিবৰ্তনৰ বতৰা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক:etv comment image Thumbnail image National emblem controversy: বিৰোধীক Reactionary force আখ্যা ভূৱনেশ্বৰ কলিতাৰ