ETV Bharat / state

বুথ কি বাত এটি নতুন কঞ্চেপ্টঃ ৰঞ্জিত কুমাৰ দাস - ৰাজ্যিক বিজেপিৰ সভাপতি

বুথ কি বাত এটি নতুন কঞ্চেপ্ট ৷ এই বুথ কি বাতৰ জৰিয়তে বুথৰ সদস্য সকলৰ লগত মত বিনিময় কৰি সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যজুৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷

বুথ কি বাত এটি নতুন কঞ্চেপ্টঃ ৰঞ্জিত কুমাৰ দাস

author img

By

Published : Nov 29, 2020, 5:26 PM IST

বৰপেটাৰোড,29 নবেম্বৰঃ বৰপেটা ৰোডৰ নগৰ মণ্ডলৰ ১৬০ নম্বৰ বুথ কমিটিৰ বুথ কি বাত অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ দেওবাৰৰ পৰা আৰম্ভ হোৱা বুথ কি বাতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱৰ বুথত অংশ লোৱাৰ কথা উল্লেখ কৰি সকলো মন্ত্ৰী, বিধায়ক তথা সাংসদে বুথ কি বাতত উপস্থিত থকিব বুলি জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আৰু কয় যে, বুথেই সংগঠনৰ মূল চালিকা শক্তি ৷ বুথ শক্তিশালী হলেহে ভাৰতীয় জনতা পাৰ্টি শক্তিশালী হ’ব ৷ সেয়ে নিৰ্বাচন শেষ নোহোৱালৈকে বুথ কি বাত কাৰ্যসূচী চলাই থাকিব বুলি উল্লেখ কৰে ৷

বুথ কি বাত এটি নতুন কঞ্চেপ্টঃ ৰঞ্জিত কুমাৰ দাস

আনহাতে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক অপৱিত্ৰতা আখ্যা দি ৰঞ্জিত কুমাৰ দাসে কয়, এই অপৱিত্ৰ মিত্ৰতা অসমৰ ৰাইজে বিচৰা নাছিল ৷ এই অপৱিত্ৰ মিত্ৰতাৰ ফলত কংগ্ৰেছে উজনি অসম হেৰুৱাব লাগিব ৷ লগতে নামনি অসমত যিকেইখন আসন আছে সেইকেইখন আসন লাভ কৰিব বুলিও কয় ৰঞ্জিত কুমাৰ দাসে ৷ উল্লেখযোগ্য যে, নামনি অসমৰ আসন সমূহ এআইইউডি এফে লাভ কৰাৰ লগতে কংগ্ৰেছৰ ক্ষতি হোৱাটো নিশ্চিত বুলি মন্তব্য কৰি কংগ্ৰেছৰ দখলত থকা দহখন আসন হেৰুৱাব বুলিও কয় ৰঞ্জিত কুমাৰ দাসে ৷

ইপিনে আগন্তুক বিধানসভা নিৰ্বাচনত সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নিৰ্বাচিত কৰি আনিবলৈ বিজেপিয়ে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি বিজেপিৰ সংখ্যালঘু মৰ্চাই ইতিমধ্যে সংখ্যালঘু অঞ্চলত সাংগঠনিক কাম কৰি আছে ৷ সংখ্যালঘু সম্প্ৰদায়ৰ পৰা সাতজন বিধায়কক নিৰ্বাচিত কৰি অনাৰ বাবে সংখ্যালঘু মৰ্চাক দায়িত্ব অৰ্পণ কৰা বুলিও উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷

লগতে পঢ়কঃ কৃষি আইনৰ বিৰোধিতাৰে মহানগৰীত সন্মিলিত নাগৰিক মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.