ETV Bharat / state

বৰপেটা ৰোডত বিজেপিৰ সংখ্যালঘু সন্মিলন - ভাৰতীয় জনতা পাৰ্টি

সৰভোগ সমষ্টিৰ মুঠ চাৰি হাজাৰ পাঁচশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সংখ্যালঘু সন্মিলন খনিত ভাৰতীয় জনতা পাৰ্টিত শনিবাৰে যোগদান কৰে ৷

বৰপেটাৰোডত বিজেপিৰ সংখ্যালঘু সন্মিলন অনুষ্ঠিত

author img

By

Published : Jan 17, 2021, 9:20 AM IST

বৰপেটাৰোড,17 জানুৱাৰী: ভাৰতীয় জনতা পার্টিৰ সৰভােগ সমষ্টি ভিত্তিত শনিবাৰে বৰপেটা ৰােডৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় সংখ্যালঘু সন্মিলন ৷ উক্ত সন্মিলনত ৰাজ্যিক বিজেপিৰ সভিপতি ৰণজিৎ কুমাৰ দাসে কয়, বিজেপিৰ সংখ্যালঘু মৰ্চাই সংখ্যালঘু অঞ্চলত সংগঠন বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলাই আহিছিল ৷ সেই মৰ্মে ৰাজ্যখনৰ বিশটা সংখ্যালঘু অধ্যুষিত সমষ্টিত সংখ্যালঘু সন্মিলন পতাৰ বাবে সংখ্যালঘু মৰ্চাই সিদ্ধান্ত লৈছে ৷ কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে প্ৰথম পৰ্যায়ত দহটা সংখ্যালঘু অধ্যুষিত সমষ্টিত সংখ্যালঘু সন্মিলন পাতিবলৈ পৰামৰ্শ দি প্ৰথমখন সভা শনিবাৰে সৰভোগ সমষ্টিত পাতি সংখ্যালঘু সন্মিলনত বিজেপিত যোগদান কৰা সকলৰ নাম আৰু ফোন নম্বৰ সহ যোগদান কৰাবলৈ নিৰ্দেশনা দিছিল ৷ সেই মৰ্মে সৰভোগ সমষ্টিৰ মুঠ চাৰি হাজাৰ পাচশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে শনিবাৰে অনুস্থিত সংখ্যালঘু সন্মিলন খনিত ভাগ লৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷

বৰপেটাৰোডত বিজেপিৰ সংখ্যালঘু সন্মিলন অনুষ্ঠিত

নতুনকৈ যোগদান কৰা সকলক উদ্দেশ্যি ৰণজিৎ কুমাৰ দাসে কয়, বিজেপিলৈ এনেই আহিব নালাগে ৷ এনেই আহিলে বিজেপিৰ সংখ্যালঘু মৰ্চা বদনামত পৰে ৷ তাৰোপৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ একোখনকৈ বুথ কমিটিত বিশ গৰাকীকৈ সদস্য আছে ৷ কিন্তু সেইসকল বুথ কমিটিৰ কাৰ্যকৰ্তাই মাত্ৰ তেওঁলোকৰ পৰিয়ালটোকহে লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰি একোটাকৈ বুথ কমিটিৰ পৰা বিজেপিৰ পক্ষত আশীটাকৈ ভোট বিজেপিত প্ৰদান কৰিবলৈ বিজেপিৰ সংখ্যালঘু মৰ্চাই কাৰ্যকৰ্তাক নিৰ্দেশনা দিয়া বুলিও কয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়কঃ ৰাজ্যত পুনৰ এক বিজেপি বিৰোধী মহাজোট গঠনৰ উকমুকনি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.