বৰপেটা,১০ নৱেম্বৰ: বাঘবৰৰ মন্দিয়াত ভাৰত জোড়ো কাৰ্যসূচীৰ মাজতে অনুষ্ঠিত মুকলি সভাত তুলাধুনা কংগ্ৰেছৰ নিলম্বিত বিধায়াক শ্বেৰমান আলী আহমেদক(Bhupen Bora slams Sherman Ali) ৷ বিধান সভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীৰ কৃপাতহে কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিছতো তথা বিধায়ক পদ খাৰিজৰ বাবে জনোৱা আহ্বানৰ পিছতো শ্বেৰমান আলী আহমেদ বিধায়ক হৈ থকা বুলি ৰাজহুৱা সভাতেই মন্তব্য ভূপেন বৰাৰ(Bhupen Bora criticised MLA Sherman Ali Ahmed) ৷
বিধায়াক শ্বেৰমান আলী আহমেদে শ্বহীদক কৰা অপমানৰ কথাও বাঘবৰৰ ৰাজহুৱা সভাত ব্যক্ত কৰিলে ভূপেন বৰাই ৷ ইফালে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব বিচৰাসকলে AIUDF ক সমৰ্থন কৰি থাকিলে এশ বছৰলৈ বিজেপিক উৎখাত কৰিব পাৰিবনে বুলি সংখ্যালঘু ৰাইজক প্ৰশ্ন কৰে ভূপেন বৰাই(Bhupen Bora slams AIUDF) ৷
AIUDF য়ে ৬৪ জন বিধায়ক জিকাব পাৰিবনে তাত সন্দেহ প্ৰকাশ কৰে APCC ৰ সভাপতি ভূপেন বৰাই । যদি ১০০ বছৰলৈ চৰকাৰ গঠন কৰিব নোৱাৰে তেন্তে AIUDF ৰ নামত আমাৰ মাজত বিভাজন আনি দিছপুৰত ১০০ বছৰলৈ বিজেপি আৰ এছ এছক জীয়াই ৰখা নহবনে বুলিও সংখ্যালঘু ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰে ভূপেন বৰাই ৷
ইফালে নিশাৰ ভাগত বাঘবৰবাসীৰ অনুৰোধ মৰ্মে নিশাৰ বাঘবৰত ভাৰত জোড়ো কাৰ্যসূচী ৰূপায়ণ কৰে অসম প্ৰদেশ কংগ্ৰেছে(Bhupen Bora participate Bharat Jodo Yatra) । ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিও একেই মন্তব্য কৰে APCC ৰ সভাপতি ভূপেন বৰাই ।
লগতে পঢ়ক: Congress Bharat Jodo Yatra: জনীয়াত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ভূপেন বৰাৰ বিস্ফোৰণ