ETV Bharat / state

বেঁকী নৈৰ গৰাখহনীয়াত সৰ্বস্বান্ত জনীয়াবাসী

author img

By

Published : May 28, 2021, 6:27 PM IST

বৰপেটাৰ জনীয়া আৰু কলগাছিয়াত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া । নিশাৰ ভিতৰত পাঁচটাকৈ পৰিয়াল বাসগৃহ জাহ গৈছে নৈৰ বুকুত ৷ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ৷

beki-river-erosion
বেঁকী নৈৰ গৰাখহনীয়া

জনীয়া,28 মে’ : এফালে কৰ’ণাৰ আতংক আৰু আনফালে খহনীয়াগ্ৰস্ত লোকৰ হাহাকাৰ । ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি জনীয়া সমষ্টিৰ কাউৰজাহী গাঁৱত আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া । ঘৰ-দুৱাৰ, মাটি-সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক । ইতিমধ্যে বেঁকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কাচুকাটি, খাৰবাল্লী, ডাউকমাৰী, মোৱামাৰী, কাউৰজাহী আদি গাঁওসমূহৰ অধিকাংশ উটুৱাই লৈ গৈছে ৷

এইবেলি কাউৰজাহী বজাৰৰ অস্তিত্ব নোহোৱা হোৱাৰ লগতে কলগাছিয়ালৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে । এতিয়ালৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়েই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই । সেয়েহে নতুন চৰকাৰ, বৰপেটা জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

বেঁকী নৈৰ গৰাখহনীয়া

আনহাতে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ-ইছববজাৰতো বেঁকী নৈৰ বাঢ়নি পানীত হঠাৎ তীব্ৰ বান গৰাখহনীয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । নিশাৰ ভিতৰতে নৈৰ বুকুত জাহ গ’ল পাঁচটাকৈ পৰিয়ালৰ বাসগৃহ । ইয়াকে লৈ নৈপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগৰ পৰা ছুনামিৰ লেখীয়াকৈ বৃদ্ধি পাইছে বেঁকী নৈৰ জলপৃষ্ঠ । এই বাঢ়নি পানীৰ ফলত বলাইপাথাৰ-ইছববজাৰত সৃষ্টি হয় ব্যাপক গৰাখহনীয়া । 20টাৰো অধিক পৰিয়াললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে এই বাঢ়নী পানীয়ে ।

গাঁওখনত সদ্য নিৰ্মিত ৰিংবান্ধৰ কাষেদি থকা দ’ ঠাইৰে ৰাতিৰ ভিতৰতে নতুনকৈ নৈৰ সুঁতি ওলাই বলাইপাথাৰ, খাৰবাল্লী, আমগুৰী আৰু সুতিৰপাথাৰ গাঁৱলৈ বান-গৰাখহনীয়াৰ ভাবুকি সৃষ্টি কৰিছে । শীঘ্ৰেই চাৰিওখন গাঁও নৈৰ কবলৰ পৰা ৰক্ষা কৰাৰ দাবী কৰাৰ লগতে ক্ষতিগ্ৰস্ত হোৱা পাঁচোটি পৰিয়াললৈ পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.