ETV Bharat / state

বৰপেটাত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ ৰঞ্জিৎ দাসৰ

বৰপেটা জিলাৰ ছাফাকামাৰত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চাৰে তিনি কোটি টকা ধায্য কৰি কামৰ শুভাৰম্ভ সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ ৷

author img

By

Published : Feb 14, 2020, 10:08 PM IST

বৰপেটাত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ ৰঞ্জিৎ দাসৰ
বৰপেটাত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ ৰঞ্জিৎ দাসৰ

বৰপেটা, 14 ফেব্ৰুৱাৰী : বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে শুকুৰবাৰে সৰভোগৰ ছাফাকামাৰত 3.5 কোটি টকা কামৰ শুভাৰম্ভ কৰে সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ৷ দীৰ্ঘদিনৰ পৰা বেকী নৈৰ প্ৰৱল গৰাখহনীয়াৰ ফলত ছাফাকামাৰ গামাৰীগুৰী গোৱৰ্ধনাৰ এক বিস্তীৰ্ণ অঞ্চলৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা একমাত্ৰ পথছোৱাটি বেকী নৈৰ বুকুত জাহ গৈছিল ৷ ফলত সৰভোগৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসৰ তৎপৰতাত অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে খণ্ড-খণ্ডকৈ প্ৰাককলন প্ৰস্তুত কৰি বিজ্ঞান সন্মতভাৱে ইয়াক প্ৰতিৰোধ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

বৰপেটাত চাৰে তিনি কোটি টকা ধাৰ্য কৰি কামৰ শুভাৰম্ভ ৰঞ্জিৎ কুমাৰ দাসৰ

ইয়াৰ পূৰ্বেও বাক্সা জিলাৰ অন্তৰ্গত সৰভোগ সমষ্টিৰ এক বৃহৎ অঞ্চল বেকী নৈৰ গৰাখহনীয়াৰ কবলত পৰাত উক্ত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় ২৩ কোটি টকা ব্যয় কৰা হৈছিল ৷ অন্তিম পৰ্যায়ত বৰপেটা জিলাৰ ছাফাকামাৰত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চাৰে তিনিকোটি টকা ধাৰ্য কৰি শুকুৰবাৰে সেই কামৰ শুভাৰম্ভ কৰে ৰঞ্জিৎ কুমাৰ দাসে ৷

সৰভোগ সমষ্টিৰ ছাফাকামাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানি পথছোৱাটি বেকী নৈয়ে খহাই নিয়াৰ পাচত সৰ্বমুঠ 27 কোটি টকা ব্যয় সাপেক্ষে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰা হৈছে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তকো ধন্যবাদ জ্ঞাপন কৰে সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.