ETV Bharat / state

বৰপেটাৰোডৰ নিজ গৃহত উপস্থিত ইউক্ৰেইনৰ ছুমী বিশ্ববিদ্যালয়ৰ ছাত্ৰী

author img

By

Published : Mar 13, 2022, 9:15 PM IST

অৱশেষত যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা বৰপেটাৰোডৰ বাসগৃহত উপস্থিত অনিমা আহমেদ (Barpetaroad student arrives at home from Ukraine)। ইউক্ৰেইনৰ ছুমী বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী অনিমা । অনিমাই ইউক্ৰেইনত কি দেখিছিল ? আৱদ্ধ হৈ থকা সময়ত কেনেদৰে দিন-ৰাতি পাৰ কৰিছিল অনিমাই ?

ukraine
নিজ গৃহত উপস্থিত ইউক্ৰেইনৰ চুমী বিশ্ববিদ্যালয়ৰ ছাত্ৰী

বৰপেটাৰোড,১৩ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ (Russia Ukraine War) অব্যাহত আছে । ইয়াৰ মাজতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থী তথা সাধাৰণ নাগৰিকক ভাৰত চৰকাৰে উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । শেহতীয়াকৈ অপাৰেশ্যন গংগাৰ (Operation Ganga) অধীনত ইউক্ৰেইনৰ যুদ্ধবিধ্বস্ত ছুমী চহৰৰ পৰা বহুকেইগৰাকী ভাৰতীয় শিক্ষাৰ্থী নিজ দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে । শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰো কেইবাগৰাকী শিক্ষাৰ্থী ।

তাৰ ভিতৰত বৰপেটাৰোডৰ অনিমা আহমেদো আছিল । ইউক্ৰেইনৰ ছুমী বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী অনিমা আহি উপস্থিত হৈছে বৰপেটাৰোডৰ বাসগৃহত (Barpetaroad student arrives at home from Ukraine)। যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰীগৰাকী ঘৰত উপস্থিত হোৱাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছে তেওঁৰ পৰিয়ালে ।

বাসগৃহত উপস্থিত হৈয়ে অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে অনিমা আহমেদে । যুদ্ধবিধ্বস্ত ইউক্ৰেইনত তেওঁৰ অভিজ্ঞতা সম্পৰ্কেও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিলে ছাত্ৰীগৰাকীয়ে । উল্লেখ্য যে, অনিমাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম সমাপ্ত হ'বলৈ মাত্ৰ ১ বছৰ বাকী আছিল । সেয়ে বাকী পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰে যাতে তেওঁৰ লগতে সকলো শিক্ষাৰ্থীকে সুবিধা কৰি দিয়ে তাৰ বাবে আহ্বান জনায় শিক্ষাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক :'কাশ্মীৰ ফাইলছ' চাব পোৱা নাই দৰ্শকে: অসমত চিনেমাকলৈ ছিণ্ডিকেট চলিছে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.