বৰপেটা, 3 জুন : নৰেন্দ্ৰ মোডীৰ আঠ বছৰীয়া কাৰ্যকাল উপলক্ষে শুকুৰবাৰে বৰপেটা জিলা বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালৰ (Eight Years Of Modi Govt)এনেদৰে খতিয়ান দাঙি ধৰে ৷ উক্ত সংবাদমেল সম্বোধন কৰে বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাসে(Barpeta State BJP Pressmeet) ৷
বৰপেটা জিলা বিজেপিৰ সভাপতিগৰাকীয়ে ক’লে, বিগত ৮ বছৰীয়া কাৰ্যকালত দেশত চলি থকা বিশৃংখল পৰিবেশ, জাতিবাদ, গোষ্ঠীবাদ, সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে ৷ দুৰ্নীতিৰ বিপৰীতে উন্নয়ন, বিকাশ, একতা আৰু ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰে দেশখনক গঢ়ি তুলিছে বিজেপি চৰকাৰে ৷
ক'ভিডকালীণ পৰিস্থিতিত বিজেপি চৰকাৰে দেশৰ জনসাধাৰণৰ বাবে লোৱা ব্যৱস্থা, ভেকচিন প্ৰদান আদি বিষয়সমূহক লৈয়ো ব্যাখ্যা আগবঢ়ালে জিলা সভাপতি অনিল দাসে ৷ ক'ভিডৰ সৈতে মোকাবিলা, উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ জৰিয়তে সন্ত্ৰাসবাদৰ পৰা মুক্তি, স্বতন্ত্ৰ বৈদেশিক নীতি, স্বতন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লগতে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বিগত ৮ বছৰত দেশৰ উন্নয়ন আৰু বিকাশৰ লগতে গৰীব দুখীয়া লোকৰ বাবে গ্ৰহণ কৰা আঁচনি সম্পৰ্কেও উল্লেখ কৰে বৰপেটা জিলা বিজেপিৰ সভাপতিগৰাকীয়ে ৷
আনহাতে জিলা বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, বিশ্বৰ সৰ্ববৃহৎ ক'ভিড টিকাকৰণ অভিযানৰ কেৱল ভাৰততেই ১৯০ কোটিতকৈও অধিক টিকা বিনামূলীয়াকৈ প্ৰদান কৰিছে মোডী চৰকাৰে । ইফালে, মুল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জিলা বিজেপিৰ সভাপতিগৰাকীয়ে আওঁপকীয়া উত্তৰ দিয়া পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : Eight Years Of Modi Govt: ডিব্ৰুগড়়ত মোদী চৰকাৰৰ উন্নয়নৰ খতিয়ান দিলে জিলা বিজেপিয়ে