ETV Bharat / state

মধ্যাহ্ন ভোজনঃ মুখ খুলিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই - বৰপেটা বাতৰি

মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অক দিয়া সন্দৰ্ভত প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ হঠাৎ বৰপেটাৰ নাৰ্চাৰী কাম প্ৰাইমাৰী স্কুলত চাডেন ভিজিট শিক্ষামন্ত্ৰীৰ ৷

ৰাজ্যজুৰি মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদ: মুখ খুলিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই
author img

By

Published : Nov 5, 2019, 6:01 PM IST

Updated : Nov 5, 2019, 6:08 PM IST

বৰপেটা, 5 নৱেম্বৰ: চৰকাৰে মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অ দিয়াক লৈ ৰাজ্যজুৰি মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ মধ্যাহ্ন ভোজনকলৈ অব্যাহত থকা বিতৰ্কৰ মাজতে মঙলবাৰে হঠাৎ বৰপেটাত উপস্থিত হয় শিক্ষামন্ত্ৰী গৰাকী ৷ পুৱাই বৰপেটাৰ নাৰ্চাৰী কাম প্ৰাইমাৰী স্কুলত উপস্থিত হৈ শিক্ষামন্ত্ৰী জনে মধ্যাহ্ন ভোজনৰ খাদ্যৰ গুনাগুন সম্পৰ্কে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীৰ পৰা মতামত গ্ৰহন কৰে ৷ ইয়াৰ পাছতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অ দিয়াক লৈ সৃষ্টি হোৱা বিৰ্তক সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷

মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অ দিয়া চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি মন্ত্ৰীগৰাকীয়ে একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে মধ্যাহ্নভোজন ব্যৱস্থাটো সোণৰ কণী পৰা হাঁহত পৰিণত হৈছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ তেঁও কয়, " মধ্যাহ্ন ভোজনক লৈ একাংশই ৰাজনীতি কৰিব বিচাৰিছে এয়া এটা গৰ্হিত কাৰ্য ৷ শিশুৰ মুখৰ ভাত কাঢ়ি কোনোবাই দুপইচা উপাৰ্জন কৰাতো কেতিয়াও হবলৈ দিব নোৱাৰি" ৷ এতিয়ালৈকে মধ্যাহ্ন ভোজনৰ নিম্নমানৰ খাদ্য সম্পৰ্কে কোনেও লিখিত অভিযোগ প্ৰদান কৰা নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় ," নিম্নমানৰ খাদ্য সম্পৰ্কে প্ৰশাসনক লিখিত অভিযোগ দিলেই সংশ্লিষ্ট সংস্থাটোৰ ওপৰত বিহীত ব্যৱস্থা লবলৈ ৰাজ্য চৰকাৰ প্ৰতিজ্ঞাবদ্ধ"৷

আনহাতে, ৰাজ্যজুৰি মধ্যাহ্ন ভোজন ৰান্ধনীৰ প্ৰতিবাদ কঠোৰ হাতেৰে দমন কৰা হব বুলিও সাংবাদিকৰ আগত জানিবলৈ দিয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যই, প্ৰতিবাদকাৰী সকলক আইন হাতত তুলি নলবলৈ তেওঁ সকীয়াই দি কয়, "মধ্যাহ্ন ভোজনৰ খাদ্য কাঢ়ি পেলাই দিয়া সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে, অতি শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব " ৷ শেষত মধ্যাহ্ন ভোজনৰ ঠিকা প্ৰদানৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কমিচনৰ অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, " মোৰ ইমানো বেয়া দিন অহা নাই যে মই শিশুসকলৰ মুখৰ ভাত কাঢ়ি খাব লাগিব "৷

মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অক দিয়া সন্দৰ্ভত প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

অধিক পঢ়ক : শান্তি আৰু ভাতৃত্বৰ বাণীৰে 6 দেশ ভ্ৰমণ গুৱাহাটীৰ বাইকাৰৰ

Intro:

বৰপেটা, ৫ নবেম্বৰঃ বৰপেটাত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ চাডেন ভিজিট ৷ বৰপেটা নাৰ্চাৰী কাম প্ৰাইমাৰী স্কুলত শিক্ষামন্ত্ৰীৰ চাডেন ভিজিট ৷ মধ্যাহ্ন ভোজনকলৈ হোৱা বিতৰ্কৰ পিচতেই শিক্ষামন্ত্ৰীগৰাকী আজি বৰপেটাত উপস্থিত হৈ এই মধ্যাহন ভোজনৰ খাদ্যৰ গুনাগুন সম্পৰ্কে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীৰ পৰা মতামত গ্ৰহন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ Body:মধ্যাহ্নভোজনক লৈ পূৰ্বে বহু কেলেংকাৰী সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ কথা উল্লেখ কৰি বহু ঠাইত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ বাবেও ধনৰ লেনদেন হোৱাৰ লগতে মাৰপিট পৰ্যন্ত হৈছিল বুলি মন্তব্য কৰে ৷ কিছুসংখ্যক প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে মধ্যাহ্নভোজন ব্যৱস্থাটো সোণৰ কণী পৰা হাঁহত পৰিণত হৈছিল বুলিও মন্তব়্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ মধ্যাহ্ন ভোজনক লৈ বহুতে ৰাজনীতি কৰিব বিচাৰিছে বুলি উল্লেখ কৰি শিশুৰ মুখৰ ভাত কাঢ়ি অানি কোনোবাই দুপইচা উপাৰ্জন কৰাতো হবলৈ দিব নোৱাৰি আৰু এয়া এটা গৰ্হিত কাৰ্য বুলিও প্ৰকাশ কৰে ৷ মধ্যাহ্ন ভোজনক লৈ প্ৰতি সন্ধিয়া জিলাসমুহৰ উপায়ুক্তৰ প্ৰতিবেদন নীৰিক্ষণ কৰাৰ পিচতে শিক্ষামন্ত্ৰীগৰাকীয়ে চাডেন ভিজিতৰ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে ৷ শিক্ষামন্ত্ৰীৰ মন্তব্যঃ এতিয়ালৈকে মধ্যাহ্ন ভোজনৰ নিম্নমানৰ খাদ্য সম্পৰ্কে কোনেও লিখিত অভিযোগ প্ৰদান কৰা নাই ৷ নিম্নমানৰ খাদ্য সম্পৰ্কে প্ৰশাসনক লিখিত অভিযোগ দিলেই সংশ্লিষ্ট সংস্থাটোৰ ওপৰত বিহীত ব্যৱস্থা লব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে শিক্ষামন্ত্ৰী কঠোৰঃ কোনেও আইন হাতত তুলি লব নোৱাৰিব ৷ অবশ্যে আন্দোলনক একাংশই ভুলপথে নিয়া বুলি মন্তব্য কৰি শিশুৰ মুখৰ ভাত কাঢ়ি পেলাই দিয়াতো মানি লোৱা নহব বুলিও সকিয়নি প্ৰদান কৰে ৷ মধ্যাহ্ন ভোজনৰ খাদ্য কাঢ়ি পেলাই দিয়া সকলক চিনাক্ত কৰা হৈছে বুলি সদৰি কৰি যিসকল ৰন্ধনকৰ্মীয়ে এনে কামত লিপ্ত হৈছে তেওলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰা হব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ সৰু সৰু লৰা ছোৱালীৰ মুখৰ খাদ্য কাঢ়ি কোনোবাই নিজৰ স্বাৰ্থ পূৰন কৰিব বিচাৰিলে সেইটো গ্ৰহনযোগ্য নহয় আৰু সেইটো আমি হব দিব নোৱাৰো ৷ ইপিনে মধ্যাহ্ন ভোজনৰ ঠিকা প্ৰদানৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কমিচনৰ অভিযোগ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰীয়া ব্যক্ত কৰে ৷ ২০১৭ চনতে স্বেচ্ছাসেৱী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত কথা প্ৰকাশ কৰি তেতিয়া তেও মন্ত্ৰী হৈ থকা নাচিল বুলি এই অভিযোগ খণ্ডন কৰিব বিচাৰে ৷ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনকি এখোজ আগলৈ গৈ কয়- 'মোৰ এনে বেয়া দিন অহা নাই যে শিশুসকলৰ মুখৰ ভাত কাঢ়ি খাব লাগিব' ৷

Conclusion:বাইটঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷

---- বাপকন দাস, বৰপেটা ৷৷
Last Updated : Nov 5, 2019, 6:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.