বৰপেটা ১৫ জানুৱাৰীঃ সত্ৰীয়া ৰীতি নীতি তথা পৰম্পৰাৰে আজি বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ উৰুকাৰ মেজি ৷ ১৪ জানুৱাৰীত উৰুকা পালন কৰাৰ পাছত ১৫ জানুৱাৰীৰ পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰে পিছত পূৰ্বপৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নি সংযোগ কৰা হয় ৷ সত্ৰৰ টুপৰ চোতালত মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাকে ধৰি সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷ বৰপেটা সত্ৰত মাঘৰ মেজি জলোৱা আৰু বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম হয় ৷ পৰম্পৰা অনুযায়ী পুহৰ সংক্ৰান্তিৰ পৰা ৪ মাঘলৈ বৰপেটা সত্ৰত ৫ দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ এই ৫ দিনে সত্ৰত নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ সংযোজন কৰা হয় ৷ লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সংমিশ্ৰণত সত্ৰ নগৰী বৰপেটাত ভোগালী বিহুৱে এক স্বকীয় ৰূপ ধাৰণ কৰি আহিছে ৷ সত্ৰীয়া সংস্কৃতিৰ সংযম আৰু নামৰ প্ৰভাৱে সামৰি লৈছে ভোগৰ উৎসৱ ভোগালী বিহুৰ দৰে লৌকিক উৎসৱকো ৷
বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো বৰদোমাহী হিচাপে পালন কৰা হয় ৷ বৰদোমাহীৰ দিনা বৰপেটা সত্ৰত ৰাতিপুৱাৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ পিছত সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰা হয় ৷ মেজিৰ জুই ফুৱাই লগতে সত্ৰত সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰত সমবেত হয় অগনন ভক্ত ৷ ভক্তৰ সমাগমত বৰপেটা সত্ৰৰ চৌহদ লোকাৰণ্য হৈ পৰে ৷ অগ্নিত প্ৰজ্বলিত মেজিৰ ছাঁইৰে কপালত তিলক লৈ প্ৰতিজন ভক্ত ঘৰমুৱা হয় ৷
আনহাতে আজি সত্ৰত পুৱা নিত্য প্ৰসংগত ভতিমা, নাম-প্ৰসং আৰু ভাগৱত পাঠৰ পিছত নৈমিত্তিক প্ৰসংগত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিবেশন কৰাৰ পিচত আবেলি সত্ৰৰ মঠৰ চোতালত ঘোষা-কীৰ্তন, সৰু ধেমালী আৰু ব্যাস কীৰ্তন কৰা হয় ৷
লগতে পঢ়কঃ কৃষি আইন বিৰোধিতাৰে আজি দেশজুৰি কংগ্ৰেছৰ ৰাজ ভৱন ঘেৰাও