ETV Bharat / state

সৰ্থেবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ

author img

By

Published : Jan 8, 2020, 4:40 PM IST

চৰকাৰৰ কঠোৰ নিয়মক ওফোৰাই অব্যাহত ৰাজ্যত চি এ এ বিৰোধী আন্দোলন ৷ বৰপেটাৰ সৰ্থেবাৰীত এই আইন বাতিলৰ পক্ষে বুধবাৰে অনুষ্ঠিত হয় এক গণ প্ৰতিবাদী সভা ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত সভাখনত কাৰাবন্দী নেতাসকলৰ মুক্তি বিচাৰি চৰকাৰক আবেদন জনোৱা হয় ৷

সৰ্থেবাৰী
চি এ এ বিৰোধী প্ৰতিবাদ

বৰপেটা ৮ জানুৱাৰীঃ বিভিন্ন পন্থা অৱলম্বন কৰিও চৰকাৰে স্তিমিত কৰিব পৰা নাই কা বিৰোধী আন্দোলন ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমানেও ৰাজ্যৰ চুকে-কোণে অব্যাহত আছে আন্দোলন ৷ বৰপেটাৰ সৰ্থেবাৰীত এই আইন বাতিলৰ পক্ষে বুধবাৰে অনুষ্ঠিত হয় এক গণ প্ৰতিবাদী সভা ৷

কাৰাবন্দী নেতাক মুক্তিৰ দাবী

কমলাবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত উক্ত সভাত আইনখন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈসহ সকলো কাৰাবন্দী আন্দোলনকাৰীক বিনাচৰ্তে মুক্তিৰ দাবী তোলে সংগঠনটোৱে ৷ সভাত উপস্থিত প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ কোনো পৰিস্থিতিতে আইনখন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে চাওকঃভাৰত বন্ধৰ মাজতে ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীঃ CAA ৰ বিৰোধিতাৰে উত্তাল নগাঁও

Intro:

বৰপেটা ৮ জানুৱাৰী: সংবিধান বিৰোধী জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈসহ সকলো আন্দোলনকাৰী কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত সৰ্থেবাৰীৰ কমলাবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি গণ প্ৰতিবাদী সভা অনুষ্ঠিত হয়। Body:কমলাবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী সভাত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। বিজেপি চৰকাৰ হায় হায়! সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কা আমাক নালাগে, কা আমি নামানো, বিজেপি চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে আকাশ-বতাহ।

Conclusion:বাইট: 1) দণ্ডীনাথ বৰ্মন, কৃষক নেতা।
2) কাজি নাজিমূল হক, কৃষক নেতা

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.