ETV Bharat / state

বৰপেটাৰ দৌল মহোৎসৱঃ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হৈছে ফাকু

author img

By

Published : Mar 4, 2020, 2:07 PM IST

সৰ্বভাৰতীয় উছৱ হৈয়ো বৰপেটাত দৌল মহোৎসৱে লাভ কৰিছে এক নিজস্বতা,এক সুকীয়া সত্বা ৷ বৰপেটাৰ দৌলৰ এই নিজস্বতা আৰু সুকীয়া পৰিচয় পোৱা যায় হোলীগীত সমূহত ৷ কিন্তু শেহতীয়াভাৱে হোলীগীতৰ লগতে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকুৰে দৌল মহোৎসৱ পালনৰ পৰম্পৰা আৰম্ভ হৈছে বৰপেটাত ৷

বৰপেটাৰ দৌল মহোৎসৱঃ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হৈছে ফাকু
বৰপেটাৰ দৌল মহোৎসৱঃ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হৈছে ফাকু

বৰপেটা, ৪ মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বৰদোৱাত আৰম্ভ কৰিছিল দৌল মহোৎসৱ ৷ দৌলগৃহ নিৰ্মাণ কৰি,দৌলৰ গীত ৰচনা কৰাৰ লগতে ভকতৰ দ্বাৰা ভাৰ বান্ধি ফাকুগুৰি আনি বৰদোৱাত দৌল মহোৎসৱ পালন কৰিছিল গুৰুজনাই ৷ বৰদোৱাত আৰম্ভ হোৱা দৌল মহোৎসৱে পৰিপূৰ্ণতা লাভ কৰে বৰপেটা সত্ৰত ৷ বৰপেটা সত্ৰবাসীৰ বাবে প্ৰাণৰ উছৱত পৰিণত হোৱা দৌল মহোৎসৱে বৰপেটাত লাভ কৰিছে অনন্য মাত্ৰা ৷

সৰ্বভাৰতীয় উছৱ হৈয়ো বৰপেটাত দৌল মহোৎসৱে লাভ কৰিছে এক নিজস্বতা,এক সুকীয়া সত্বা ৷ বৰপেটাৰ দৌলৰ এই নিজস্বতা আৰু সুকীয়া পৰিচয় পোৱা যায় হোলীগীত সমূহত ৷ কিন্তু শেহতীয়াভাৱে হোলীগীতৰ লগতে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকুৰে দৌল মহোৎসৱ পালনৰ পৰম্পৰা আৰম্ভ হৈছে বৰপেটাত ৷ বিগত প্ৰায় দহবছৰ জুৰি বৰপেটাৰ একাংশ যুৱক যুৱতীয়ে স্থানীয় ভাৱে প্ৰাকৃতিক ফাকুগুৰি প্ৰস্তুত কৰি আহিছে ৷ বৰপেটাৰ সুন্দৰীদিয়াৰ শুভম নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে স্থানীয়ভাৱে ফাকুগুৰি প্ৰস্তুত কৰি বৰপেটাৰ দৌলক প্ৰদান কৰিছে অন্য এক মহত্ব ৷ সাধাৰনতে শৰীৰৰ বাবে অতিকে অপকাৰী ৰাসায়নিকভাৱে প্ৰস্তুত কৰা ফাকুৰ পৰিৱৰ্তে পলাশৰ তেজ ৰঙা ফুল,শিমলু আলু,হালধি,জেতুকা,বেচন,পুই আদি প্ৰাকৃতিকভাৱে পোৱা বিবিধ সামগ্ৰীৰে বৰপেটাত প্ৰস্তুত কৰি আহিছে ফাকু ৷ পলাশ ফুল এৰাতি পানীত তিয়াই,ফুলবোৰ সিজোৱা পানীত শিমলু আলুৰ গুৰি মিহলাই ৰ'দত শুকাই ফাকু প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে বৰপেটাৰ একাংশ যুৱক যুৱতী ৷ হয়তো দুই এদিনৰ ভিতৰতে সম্পূৰ্ণৰূপে বজাৰলৈ উলিয়াই দিয়া হ'ব প্ৰাকৃতিকভাৱে বৰপেটাত প্ৰস্তুত কৰা ফাকু ৷ ৰাসায়নিক পদ্ধতিৰে প্ৰস্তুত কৰা আৰু শৰীৰৰ বাবে হানিকাৰক ফাকুৰ সলনি বৰপেটাত প্ৰাকৃতিকভাৱে ফাকু প্ৰস্তুত কৰিছে শুভম নামৰ সংস্থাটোয়ে ৷ বৰপেটাত আৰম্ভ হোৱা প্ৰাকৃতিক ফাকু প্ৰস্তুতৰ কামত ৰাজ্যখনৰ প্ৰতিখন সত্ৰৰ যুৱক যুৱতী আগবাঢ়ি অহাৰ প্ৰয়োজন আছে ৷ আৰু তেতিয়াহে প্ৰকৃততে ৰক্ষা পৰিব গুৰুজনাই আৰম্ভ কৰি যোৱা দৌল মহোৎসৱৰ মাহাত্ম্য আৰু দৌলৰ প্ৰকৃত আনন্দ ৷

লগতে চাওকঃ

কৰ’ণা ভাইৰাছক লৈ সংকিত হোৱাৰ প্ৰয়োজন নাই : মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.