ETV Bharat / state

বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'

বৰপেটা জিলা পুথিভঁৰালত দেওবাৰৰ পৰা আৰম্ভ হৈছে ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ বিগত ২৮ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে এই নাট উৎসৱ ৷ নাট উৎসৱ আৰম্ভণিৰ পূৰ্বে অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিকৃতিত পুস্পাঞ্জলি অৰ্পণ কৰে ৰায়চৌধুৰীৰ কন্যা যুগব্ৰতা দত্তই ৷

author img

By

Published : Dec 30, 2019, 1:05 PM IST

BARPETA NATIONAL THEATER FESTIVAL
বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'

বৰপেটা, 30ডিচেম্বৰ: দেওবাৰৰ পৰা বৰপেটা জিলা পুথিভঁৰালত আৰম্ভ হৈছে ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ বৰপেটাত বিগত ২৮ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ দেওবাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা জীৱেশ্বৰ ডেকাই বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় নাট উৎসৱখনি ৷ নাট উৎসৱ আৰম্ভনিৰ পূৰ্বে অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিকৃতিত পুস্পাঞ্জলি অৰ্পণ কৰে ৰায়চৌধুৰীৰ কন্যা যুগব্ৰতা দত্তই ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা নাট উৎসৱত দেওবাৰে মুম্বাইৰ বিখ্যাত নাট্য প্ৰযোজনা সংস্থা চুৰনাই থিয়েটাৰ এণ্ড ফ'ক আৰ্টছ ফাউণ্ডেছনে পৰিৱেশন কৰে 'পিছা কৰতি পৰচ্ছাইয়া' নাট ৷ প্ৰখ্যাত নাট্য পৰিচালক কে কে ৰাইনাৰ পৰিচালিত নাটখনে দৰ্শকক সন্মোহিত কৰি তোলে ৷

বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'

বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই নাট উৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৰণিকাও এই অনুষ্ঠানত উন্মোচন কৰে ৷ বৰপেটা ৰংঘৰৰ শিল্পীসকলৰ লগতে গুৱাহাটী,মুম্বাই,কলকতা আৰু দিল্লীৰ এনএছডিৰ ৰেপাৰটৰী কোম্পানীৰ শিল্পীসকলেও নাট পৰিৱেশন কৰিব ৷ নাট উৎসৱ উপলক্ষে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট নাট্যকাৰ,পৰিচালক,অভিনেতা প্ৰমোদ দাস,লিয়াকৎ আলী,বাদল চৌধুৰীক ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস,অৰ্জুন চন্দ্ৰ দাস আৰু অনিল দাসে ৷

আৰু পঢ়ক : বৰপেটাত CAA বিৰোধী অন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি

Intro:

বৰপেটা, ৩০ ডিচেম্বৰঃ বিগত প্ৰায় ৪০ বছৰ ধৰি নাটকৰ বাবেই উৎসৰ্গিত হৈ অহা বৰপেটাৰ এটি সম্ভ্ৰান্ত নাট্য অনুষ্ঠান ৰংঘৰ, বৰপেটা ৷ নাটকৰ নতুন আংগিকৰ সৈতে পৰিচিত হোৱা আৰু দেশৰ বিখ্যাত নাট্যকাৰ, পৰিচালক আৰু নাট্যদল সমুহক বৰপেটালৈ আমন্ত্ৰণ কৰি তেওলোকৰ বিখ্যাত নাটসমুহ বৰপেটাৰ দৰ্শকৰ আগত পৰিবেশন কৰাৰ বাবে বৰপেটাত বিগত ২৮ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ দেওবাৰৰ পৰা বৰপেটা জিলা পুথিভঁৰালত অাৰম্ভ হৈছে ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ Body:এইবেলি অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ স্মৃতিত উছৰ্গিত ৰাষ্ট্ৰীয় নাট উৎসৱখনি দেওবাৰে অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতেৰে মুকলি কৰা হয় ৷ নাট উৎসৱ আৰম্ভনিৰ পূৰ্বে অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিকৃতিত পূস্পাঞ্জলি অৰ্পন কৰে ৰায়চৌধুৰীৰ কন্যা যুগব্ৰতা দত্তই ৷ নাট উৎসৱখনি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ভ্ৰাম্যমান থিয়েটাৰৰ দূৰ্দান্ত অভিনেতা জীৱেশ্বৰ ডেকাই ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত নাট উৎসৱত দেওবাৰে মুম্বাইৰ বিখ্যাত নাট্য প্ৰযোজনা সংস্থা চুৰনাই থিয়েটাৰ এণ্ড ফ'ক আৰ্টছ ফাউণ্ডেছনে পৰিবেশন কৰে 'পিছা কৰতি পৰচ্ছাইয়া' নামৰ নাটখন ৷ প্ৰখ্যাত নাট্য পৰিচালক কে কে ৰাইনাৰ পৰিচালনাত মঞ্চস্থ হোৱা নাটখনে দৰ্শকক সন্মোহিত কৰি তোলে ৷ এইবাৰৰ নাট উৎসৱত বৰপেটা ৰংঘৰৰ শিল্পীসকলৰ লগতে, গুৱাহাটী , মুম্বাই, কলকতা আৰু দিল্লীৰ এনএছডিৰ ৰেপাৰটৰী কোম্পানীৰ শিল্পীসকলে নাট পৰিবেশন কৰিব ৷ নাট উৎসৱ উপলক্ষে দেওবাৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা প্ৰমোদ দাস, লিয়াকৎ আলী, বাদল চৌধুৰীক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পূৰ্বে বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই নাট উৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৰনিকা এখন উন্মোচন কৰে ৷ অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, অৰ্জুন চন্দ্ৰ দাস আৰু অনিল দাসেও অংশগ্ৰহন কৰে ৷

Conclusion:বাইটঃ জ্যোতিপ্ৰকাশ দাস ৷

--- বাপকন দাস, বৰপেটা৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.