ETV Bharat / state

এটকীয়া দুটকীয়া মুদ্ৰাৰে দুচকীয়া বাহন ক্ৰয় কৰিলে বৰপেটাৰোডৰ হাফিজুৰে

author img

By

Published : Feb 19, 2022, 11:51 AM IST

খুচুৰা পইচাৰে বৰপেটাৰোডৰ এজন লোকে ক্ৰয় কৰিলে স্কুটী (Barpeta man buys scooter with coins)। ক্ষুদ্ৰ সঞ্চয়ৰ সুফল লাভ কৰিলে দৰিদ্ৰ লোকজনে ৷

Barpeta man buys scooter with coins
এটকীয়া দুটকীয়া মুদ্ৰাৰে দুচকীয়া বাহন ক্ৰয় কৰিলে বৰপেটাৰোডৰ হাফিজুৰে

বৰপেটাৰোড 18 ফেব্ৰুৱাৰী : মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিছে বৰপেটাৰোডৰ সমীপৱৰ্তী গোৱৰ্ধনাৰ হাফিজুৰ আকন্দ নামৰ এজন দৰিদ্ৰ লোকে ৷ মাত্ৰ এটকা দুটকাকৈ সঞ্চয় কৰি হাফিজুৰ আকন্দে পূৰণ কৰিলে তেওঁৰ সপোন ৷ মুঠ ২২ হাজাৰ টকাৰ খুচুৰা পইচা(Coin) জমা কৰি হাফিজুৰে ক্ৰয় কৰিলে এখন স্কুটী ৷ বৰ্তমান সামাজিক মাধ্যমত হাফিজুৰৰ এনে কাৰ্যই এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Barpeta man bought scooter with coins) ৷

হাফিজুৰৰ সপোন আছিল, এখন দুচকীয়া বাহন ক্ৰয় কৰা ৷ কিন্তু একেলগে ইমান টকা যোগাৰ কৰা সম্ভৱ নাছিল হাফিজুৰৰ বাবে । কিন্তু সপোন এৰি দিবলৈ মনে কোৱা নাছিল । সেয়ে হাফিজুৰে উপাৰ্জনৰ খুচুৰা পইচাকেই সঞ্চয়ৰ বাবে এক অভিনৱ পন্থা হাতত লয় ৷ তেনেদৰেই জমা কৰি কৰি এটকীয়া, দুটকীয়া আৰু দহ টকীয়া মুদ্ৰা প্ৰায় এবছৰ ধৰি এনেকৈ সঞ্চয় কৰিলে ২২ হাজাৰমান টকা ৷ পাছত সেই টকা হাফিজুৰে ডাউন পেমেন্ট কৰি শ্ব’ৰুমলৈ আহিল ৷

প্ৰায় ৩ৰ পৰা ৪ ঘণ্টা মান শ্ব’ৰুমৰ কৰ্মচাৰীয়ে মুদ্ৰাবোৰ গণনা কৰি অৱশেষত হাফিজুৰক প্ৰদান কৰিলে এখন স্কুটী ৷ এনেদৰে অতি ক্ষুদ্ৰ সঞ্চয় কৰি স্কুটী কিনিব পাই যথেষ্ঠ সুখী হাফিজুৰ ৷ তেখেতৰ মন্তব্য কৰি কয় যে, এনেদৰে কৰা সঞ্চয়ে বহু সময়ত বহু কামত সহায় কৰে ।

লগতে পঢ়ক : Smart Policing Initiative: প্ৰহসনত পৰিণত হৈছে স্মাৰ্ট পুলিচিঙৰ ধাৰণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.