জনীয়া, 31মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়াস্থীত বৰপেটা অসামৰিক চিকিৎসালয়ত ফাৰ্মাচিষ্ট হিচাপে কৰ্তব্য পালন কৰা মোজাহিৰুল ইছলামে চাকৰিৰ পৰা অৱসৰ পোৱাত বুধবাৰে কলগাছিয়া চিকিৎসালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনায় । তদুপলক্ষে বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামচুল আলমৰ সভাপতিত্বত এখন বিদায় সভা অনুষ্ঠিত কৰা হয় ।
সভাত চিকিৎসালয়ৰ উপধীক্ষক ডাঃ হাশমত আলী, এছডিএম ৰেজাউল কৰিম, বিদায় প্ৰাৰ্থী ফাৰ্মাচিষ্ট মোজাহিৰুল ইছলামৰ লগতে ভালে সংখ্যক স্বাস্থ্য কৰ্মীয়ে ভাষণ প্ৰদান কৰে । মোজাহিৰুল ইছলামে ১৯৮২ চনৰ ৩১ মাৰ্চত চাকৰি জীৱন আৰম্ভ বিভিন্ন ঠাইত সেৱা আগবঢ়াই বিগত পাঁচ বছৰ সময় বৰপেটা অসামৰিক চিকিৎসালয়ত মুখ্য ফাৰ্মাচিষ্ট হিচাপে কৰ্তব্য পালন কৰি আজি অৱসৰ গ্ৰহণ কৰে।
ফাৰ্মাচিষ্ট গৰাকীক ফুলাম গামোচা, জাপি, পবিত্ৰ কোৰাণ শ্বৰীফ, মানপত্ৰ, শৰাই আদিৰে সম্বৰ্ধনা জনোৱা দেখা যায় । বিদায় সম্বৰ্ধনা জনোৱা মূহুৰ্তত বিদায় প্ৰাৰ্থী মোজাহিৰুল ইছলামক যথেষ্ঠ আবেগিক হোৱা দেখা যায়। পৰৱৰ্তী সময়ত মোজাহিৰুল ইছলামক চিকিৎসালয়ৰ অধীক্ষকে ধৰি প্ৰতি গৰাকী স্বাস্থ্য কৰ্মীয়ে চিকিৎসালয়ত আহি থকাৰ লগতে দিহা-পৰামৰ্শ কামনা কৰে।
লগতে পঢ়কঃ বাক্যবাণ: হিমন্ত বিশ্ব শৰ্মা বনাম অজিত কুমাৰ ভূঞা