ETV Bharat / state

মনিকূটৰ পৰা ওলাল দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাই

author img

By

Published : Mar 27, 2021, 6:54 PM IST

আজি বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ গোন্ধ যাত্ৰা বা বহ্নুৎসৱ ৷ ইবেলি নক্ষত্ৰ গণনা অনুসৰি গোসাইক নিশা ১০.৩০ বজাত পিছত চৌদালাত অধিষ্ঠিত কৰা হ’ব ৷

as_bar_barpeta_satra_deul_banhutsav_vis_as10038
সত্ৰৰ মনিকূটৰ ওলাল দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাই

বৰপেটা,27 মাৰ্চ: আজিৰে পৰা আৰম্ভ হৈছে বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱ ৷ আজি দৌলৰ গোন্ধ যাত্ৰা বা বহ্নুৎসৱ ৷ আজি বিয়লি প্ৰায় ৪ বজাত সত্ৰৰ মণিকূট গৃহৰ পৰা দৌলগোবিন্দ মহাপ্ৰভূক পূৱ দুৱাৰেৰে আৰু কলীয়া ঠাকুৰ গোঁসাইক কীৰ্তনঘৰৰ ঘাই দুৱাৰেৰে মঠৰ চোতাললৈ উলিয়াই অনা হয় ৷

ইয়াৰ পিছতেই সত্ৰৰ পূজাৰীয়ে কোঁচত তুলি গায়ন-বায়নৰ সৈতে মঠৰ চোতাললৈ সভক্তিৰে উলিয়াই বৰশৰাইত ৰাখি অধিবাস সম্পন্ন কৰে ৷ অধিবাস সম্পন্ন কৰাৰ পিছতেই সন্ধিয়া টুপৰ চোতালত গোঁসাইক মেজি পুওৱা হ’ব ৷ মেজিৰ চাৰিওপিনে সাত পাক প্ৰদক্ষিণ কৰাই গোঁসায়ে মেজি পুওৱাৰ পিছতেই গোঁসাইক যোগমোহন গৃহত ৰখা হ’ব ৷ ইয়াৰ পছত দৌলত সাত পাক প্ৰদক্ষিণ কৰি গোঁসাই দৌলত আৰোহণৰ পিছতেই দুয়োজনা গোঁসাইক দৌলগৃহৰ চৌদালাত ৰখা হ’ব ৷

এইবেলি নক্ষত্ৰ গণনা অনুসৰি গোঁসাইক নিশা ১০.৩০ বজাৰ পিছত চৌদালাত অধিষ্ঠিত কৰা হ’ব ৷ ইপিনে দেওবাৰে ভৰ দৌল ৷ দেওবাৰে পুৱা সত্ৰৰ প্ৰসংগৰ পিছত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই দৌলৰ চৌদালাত বিৰাজমান দুয়োজনা গোঁসাইক ফাকু চটিয়াই সেৱা জনাব ৷ ইয়াৰ পিচৰেপৰাই ৰাইজে দৌলত থকা গোঁসাইক ফাকু আগবঢ়াই সেৱা জনাব ৷

লগতে পঢ়ক-ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.