ETV Bharat / state

সমাগত দৌল মহোৎসৱ: বৰপেটা প্ৰেছ ক্লাৱত হোলী গীতৰ ভিডিঅ‘ উন্মোচন

author img

By

Published : Mar 17, 2021, 11:34 AM IST

বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱক প্ৰাণময় কৰি তোলা হোলীগীতৰ সুৰত এতিয়া প্ৰাণ পাই উঠিছে বৰপেটা ৷ বৰপেটাৰ দৌল মহোৎসৱৰ পূৰ্বে মঙলবাৰে সন্ধিয়া বৰপেটা প্ৰেছ ক্লাৱত 'আজি বসন্তৰ মধু বেলা' আৰু 'আজি পূৰ্ণিমাৰে পূৰ্ণশশী' নামৰ দুটা হোলীগাতৰ ভিডিও উন্মোচন কৰা হয় ৷

as_bar_barpeta-holi-preparation_img_as10038
সমাগত দৌল মহোৎসৱ: বৰপেটা প্ৰেছ ক্লাৱত হোলী গীতৰ ভিডিও উন্মোচন

বৰপেটা, 17 মাৰ্চ: ৰাজ্য বিধান সভাৰ নিৰ্বাচনক লৈ সকলো ব্যস্ত ৷ নিৰ্বাচনী ব্যস্ততাৰ মাজতেই আগমন ঘটিছে বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱৰো ৷ দৌল মহোৎসৱৰ বতৰা পাই উন্মনা বৰপেটাবাসী ৷ গীত মাত সুৰেৰে বসন্তৰাণীক আদৰিবলৈ সকলো সাজু ৷

বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱক প্ৰাণময় কৰি তোলা হোলীগীতৰ সুৰত এতিয়া প্ৰাণ পাই উঠিছে বৰপেটা ৷ বৰপেটাৰ দৌল মহোৎসৱৰ পূৰ্বে মঙলবাৰে সন্ধিয়া বৰপেটা প্ৰেছ ক্লাৱত 'আজি বসন্তৰ মধু বেলা' আৰু 'আজি পূৰ্ণিমাৰে পূৰ্ণশশী' নামৰ দুটা হোলীগাতৰ ভিডিও উন্মোচন কৰা হয় ৷ বৰপেটা প্ৰেছক্লাৱত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হোলী গীত দুটা মুকলি কৰে বিবেক পাঠকে ৷

বিশিষ্ঠ সত্ৰীয়া শিল্পী গুনীন্দ্ৰ নাথ ওজা আৰু হেমেন দাসে গোৱা হোলী গীত দুটিৰ মুকলি অনুষ্ঠানত বৰপেটা ৰত্ন অক্ষয় কুমাৰ মিশ্ৰ, চিন্ময় দাস, প্ৰমথৰঞ্জন কন্টিকে আদি কৰি কেবাগৰাকীও বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক-কংগ্ৰেছৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেশ বাঘেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.