ETV Bharat / state

বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ মৃত্যু

author img

By

Published : Jun 16, 2021, 9:07 PM IST

বৰপেটা জিলা বিজেপি (BJP)ৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ মৃত্যু হয় ৷ খানাপাৰৰ হেল্থ চিটি হাস্পতালত ( HEALTH CITY HOSPITAL) চিকিৎসাধীন অৱস্থাত দিনৰ ৪:১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটা জিলা বিজেপি (BJP)ৰ সভাপতিগৰাকীয়ে ৷ কিছুদিন পূৰ্বে কৰ'ণা ৰোগ (COVID-19)ৰ পৰা আৰোগ্য লাভ কৰিছিল শংকৰ চন্দ্ৰ দাসে ৷

Barpeta district BJP president Shankar Chandra Das dies
বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ মৃত্যু

বৰপেটা, ১৬ জুন : বৰপেটা জিলাৰ বিজেপি (BJP)ৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ বুধবাৰে মৃত্যু হয় ৷ কিছুদিন পূৰ্বে কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছিল যদিও স্বাস্থ্যৰ অৱনতি হোৱাত ২৮ মে'ত পুনৰ গুৱাহাটী খানাপাৰৰ হেল্থ চিটি হাস্পতালত ( HEALTH CITY HOSPITAL) ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত বুধবাৰে দিনৰ ৪:১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজনীতিক গৰাকীয়ে ৷

১৯৪৭ চনৰ ২২ ডিচেম্বৰত সৰভোগৰ আহোম পথাৰ গাঁৱত জন্মগ্ৰহণ কৰা শংকৰ দাস এগৰাকী শিক্ষাবিদ হিচাপেও পৰিচিত আছিল ৷ শিক্ষা বিভাগৰ স্নাতকোত্তৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ( GUWAHATI UNIVERSITY) পৰা এম ফিল (M.Phill) আৰু কলকাতাৰ ছেন্ট থমাছ কলেজ ( ST. THOMAS COLLEGE)ৰ পৰা সাংবাদিকতা বিষয়ত ডিপ্ল'মাও লাভ কৰিছিল ৷ সৰভোগৰ বৰনগৰ কলেজ, বাউসী বানীকান্ত কাকতি কলেজকে ধৰি কেবাখনো কলেজত অধ্যাপনা কৰিছিল শংকৰ চন্দ্ৰ দাসে ৷ তাৰোপৰি অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেবাখনো সংবাদ পত্ৰতো সাংবাদিকতা কৰিছিল ৷ অকল সেয়াই নহয় তেওঁ কেবাখনো গ্ৰন্থও ৰচনা কৰিছিল ৷

১৯৯৬ চনৰ পৰাই বিজেপিৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা শংকৰ দাসৰ মৃত্যুত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে বৰপেটা জিলা বিজেপি আৰু সৰভোগ বিজেপিৰ সদস্য সকলৰ লগতে সৰভোগ প্ৰেছ ক্লাৱ (Sarbhog PRESS CLUB) আৰু বৰপেটাৰোড প্ৰেছ ক্লাৱৰ সদস্য সকলেও শোক প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, নিশালৈ তেওঁৰ মৃতদেহ সৰভোগলৈ লৈ অনা হ'ব ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে সুদীৰ্ঘকাল ধৰি জড়িত বিজেপি নেতাগৰাকীৰ মৃত্যুত বৰপেটা জিলাকে ধৰি নামনি অসমত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক-ইংৰাজে স্থাপন কৰা এখন আৰক্ষী চকীৰ দুখ লগা ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.