ETV Bharat / state

এআইইউডিএফৰে কংগ্ৰেছৰ মিত্ৰতাক লৈ অসন্তুষ্টি বাঢ়িছে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত

কংগ্ৰেছে এআইইউডিএফৰ মিত্ৰতা বা মহাজোট বন্ধনক লৈ প্ৰদেশ কংগ্ৰেছ যিমানেই আগবাঢ়িছে সিমানেই তৃণমূল পৰ্যায়ত বাঢ়িছে ক্ষোভ ৷ সেয়ে শেষ মুহূৰ্তত এআইইউডিএফৰে কিমান সফল হ'ব কংগ্ৰেছৰ মিত্ৰতা সেয়া সময়তহে লক্ষণীয় হ‘ব ৷

author img

By

Published : Aug 28, 2020, 5:14 PM IST

Updated : Aug 28, 2020, 6:03 PM IST

barpeta-dist-congress-story
এআইইউডিএফৰে কংগ্ৰেছৰ মিত্ৰতাক লৈ অসন্তুষ্টি বাঢ়িছে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত

বৰপেটা, ২৮ আগষ্টঃ ২১ৰ নিৰ্বাচনক লৈ কংগ্ৰেছে বিৰোধী ৰাজনৈতিক দল সমুহক লৈ মহাজোঁটৰ কথা কৈ আছে যদিও আজিৰ তাৰিখত এআইইউডিএফৰ বাহিৰে কোনো দল আগবাঢ়ি অহা নাই কংগ্ৰেছৰে মিত্ৰতা গঢ়িবলৈ ৷

পিছে এআইইউডিএফৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মিত্ৰতাৰ দিশে যিমানে আগবাঢ়িছে সিমানেই দলৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত বাঢ়িছে অসন্তুষ্টি ৷ হাইকামাণ্ডৰ নিৰ্দেশত প্ৰদেশ কংগ্ৰেছে এআইইউডিএফৰ সৈতে মিত্ৰতাৰে ২১ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে যদিও আসন এৰি দিয়াক লৈ কংগ্ৰেছৰ মাজত এতিয়াৰে পৰাই আৰম্ভ হৈছে বিদ্ৰোহৰ উকমুকনি ৷

বৰপেটা জিলা কংগ্ৰেছৰ অধিকাংশ নেতাৰেই দাবী যে, বৰপেটাৰ কোনো এটা সমষ্টিয়েই এৰি দিব নোৱাৰিব এআইইউডিএফক ৷ আনকি একালৰ বাওঁ দূৰ্গ হিচাপে পৰিচিত সৰভোগ সমষ্টিটো চিপিআইএমক এৰি দিয়াৰ ক্ষেত্ৰতো আপত্তি বৰপেটা জিলা কংগ্ৰেছ নেতৃত্বৰ ৷ বৰপেটা বিধানসভা সমষ্টিৰ যোৱাবাৰৰ পৰাজিত প্ৰাৰ্থী তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আব্দুৰ ৰহিম আহমেদে অংকসহ বুজাই দিলে কি কাৰণত বৰপেটাৰ ৮ টা সমষ্টিৰ এটাও সমষ্টি এৰি দিবলৈ অপ্ৰস্তুত এআইইউডিএফক ৷ বিগত বিধানসভা, পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ ভোটৰ পেটাৰ্ণৰ কথা আঙুলিয়াই দি পূৰ্বৰ আমছুৰ সভাপতি তথা বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ নেতা আব্দুৰ ৰহিম আহমেদে বুজাই দিলে বৰপেটাত কংগ্ৰেছে অকলেই ৮ টা সমষ্টিত নিৰ্বাচনত অবতীৰ্ণ হোৱাত সক্ষম বুলি মন্তব্য কৰে ৷ একেই দাবী বৰপেটা জিলা কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা তথা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনছাৰী আলী আহমেদ আৰু ৰুস্তম আলীৰো ৷ এই দুই জ্যেষ্ঠ নেতায়ো এ আই ইউ ডি এফক বৰপেটাৰ কোনো এটা সমষ্টি এৰি দিবলৈ অপ্ৰস্তুত ৷

বিজেপিক উৎখাতৰ স্বাৰ্থত মহাজোট বন্ধনৰ প্ৰতি আগ্ৰহী যদিও মিত্ৰতাৰ নামত বৰপেটাত এআইইউডিএফক সমষ্টি এৰি নিদিয়ে জিলা কংগ্ৰেছে ৷ আনকি কংগ্ৰেছৰ সাংগঠনিক ভেটি ক্ৰমাৎ সবল হৈ পৰা সৰভোগক লৈয়ো বৰপেটা জিলা কংগ্ৰেছে লৈছে আকোৰগোজ স্থিতি ৷ যিসময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে সৰভোগ এৰি আন সমষ্টিৰ সন্ধান কৰিবলগা হৈছে তেনেক্ষেত্ৰত সৰভোগ চিপিআইএমক এৰি দিবলৈ কোনোপধ্যেই ৰাজী নহয় বৰপেটা জিলা কংগ্ৰেছ নেতৃত্ব ৷

সেয়ে কংগ্ৰেছে আই ইউ ডি এফৰ মিত্ৰতা বা মহাজোট বন্ধনক লৈ প্ৰদেশ কংগ্ৰেছ যিমানেই আগবাঢ়িছে সিমানেই তৃণমূল পৰ্যায়ত বাঢ়িছে ক্ষোভ ৷ সেয়ে শেষ মুহূৰ্তত এ আই ইউ ডি এফৰে কিমান সফল হ'ব কংগ্ৰেছৰ মিত্ৰতা সেয়া সময়তহে লক্ষণীয় হ‘ব ৷

লগতে পঢ়ক : কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী

Last Updated : Aug 28, 2020, 6:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.