ETV Bharat / state

বৰপেটাত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন অনুষ্ঠান - অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস

বৰপেটাৰ ৪৭ নং চেঙা বিধান সভা সমষ্টিত অনুষ্ঠিচত হয় এখন পঞ্চায়ত প্ৰতিনিধি সন্মিলন অনুষ্ঠান ৷ এই অনুষ্ঠানত বিজেপিৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থকাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে বৰপেটাত বিজপি দল জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে বৰপেটা জিলাৰ সভাপতি শংকৰচন্দ্ৰ দাসে ৷

barpeta bjp meeting
বৰপেটাত বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলন অনুষ্ঠান
author img

By

Published : Nov 21, 2020, 9:15 PM IST

বৰপেটা ২১ নৱেম্বৰ: শনিবাৰে বৰপেটাৰ ৪৭ নং চেঙা বিধান সভা সমষ্টিত এখন পঞ্চায়ত প্ৰতিনিধি সন্মিলন অনুষ্ঠিত হয় । ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশনান আৰু বৰপেটা জিলা বিজেপিৰ উদ্যোগত শংকৰচন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় সন্মিলন খন ৷

অনুষ্ঠানখনত বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক বসন্ত ঠাকুৰীয়া, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বিজেপিৰ ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান, ৰাজ্যিক কাৰ্যনিৰ্বাহক যোগেন্দ্ৰ নাথ দেৱ উপস্থিত থাকে ।

আগন্তুক নিৰ্বাচন সন্দৰ্ভত পাটাচাৰকুছি , বৰপেটা, চেঙা, সৰুক্ষেত্ৰী সমষ্টিত ৰাজ্যিক আৰু কেন্দ্ৰীয় সমিতিয়ে নজৰত ৰাখি প্ৰাৰ্থীত্ব আগবঢ়াব বুলি মন্তব্য কৰে অনুষ্ঠানত উপস্থিত থকা বিজেপিৰ দলৰ নেতাসকলে । কেইবাখনো পঞ্চায়তৰ সভাপতি তথা আঞ্চলিক সদস্য আৰু ৱাৰ্ড সদস্যই অংশগ্ৰহণ কৰা এই সন্মিলনত বিজেপিৰ জিলাৰ সভাপতি শংকৰ চন্দ্ৰ দাসে সাংবাদিকৰ আগত বৰপেটাত দলটোৱে পাঁচখন আসনত প্ৰতিদন্দিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে । সভাপতি গৰাকীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি পোন্ধৰ বছৰে কৰিব নোৱাৰা বাট-পথৰ কাম বিজেপি দলে কৰাৰ কথা উল্লেখ কৰি আগন্তক নিৰ্বাচনত দলে ১০০+ মিছনৰ লক্ষ্যৰে দলীয় কাম-কাজ চলাই আছে বুলি জানিব দিয়ে ।

অন্য এক খবৰৰ বাবে: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.