বৰপেটা,১৪ জুন: বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ ধাম সত্ৰত শনিবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতিসাধন কৰে । সত্ৰখনৰ বিদ্যুতৰ ব’ৰ্ড,কীৰ্তনঘৰৰ পকী খুঁটাত খোদিত পদুমৰ পাহিবোৰ ভাঙি চুৰমাৰ কৰে দুৰ্বৃত্তই । দুৰ্বৃত্তৰ এই আক্ৰমণক গৰিহণা প্ৰদান কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷ পূৰ্বতেও কেইবাবাৰো সত্ৰখনত আক্ৰমণ চলাই দুৰ্বৃত্তই বৈদ্যুতিক মটৰ আদি চুৰি কৰি লৈ যায় ৷ এই চুৰি সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষী থানাত গোচৰ তৰিও সুফল নাপালে সত্ৰ পৰিচালনা সমিতিয়ে ৷
তদুপৰি, সত্ৰৰ কীৰ্তনঘৰৰ উপৰিও পৰিচালনা সমিতিৰ অধীনষ্ঠ চৰকাৰী গৃহতো আক্ৰমণ চলাইছিল দুৰ্বৃত্তই ৷ শনিবাৰে নিশা সত্ৰখনত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ সন্দৰ্ভত দেওবাৰে এক সাধাৰণ সভা আহ্বান কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে ৷
লগতে চাওকঃ ঋতুপৰ্ণ পেগুৰ হত্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ