ETV Bharat / state

ATM Fraud in Assam: ৰাজ্যত পিয়াপি দিছে বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকে - এটিএম প্ৰৱঞ্চক বৰপেটা

ৰাজ্যত এতিয়া বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলৰ ত্ৰাস ৷ প্ৰৱঞ্চক দলৰ টাৰ্গেট যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোক ৷ প্ৰৱঞ্চনাৰে যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠৰ পৰা লুটিছে লক্ষ লক্ষ টকা ৷ তিনি প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰাৰ পাছতেই পোহৰলৈ আহিছে বহু ভয়াৱহ তথ্য (ATM fraud arrested in Barpeta)৷

ATM fraud arrested in Barpeta
ৰাজ্যত পিয়াপি দিছে বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকে
author img

By

Published : Apr 8, 2022, 8:31 PM IST

বৰপেটা, ৮ এপ্ৰিল: ৰাজ্যত পিয়াপি দি ফুৰিছে বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দল ৷ প্ৰৱঞ্চক দলৰ টাৰ্গেট যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোক ৷ মূলতঃ এটিএমৰ পৰা টকা উলিয়াবলৈ যোৱা যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোকক টাৰ্গেট কৰি ডেবিট কাৰ্ড প্ৰৱঞ্চনাৰে লুটিছে লক্ষ লক্ষ টকা ৷ বৰপেটাত বৰ্হিঃৰাজ্যৰ তিনি প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰাৰ পিছতেই পোহৰলৈ আহিছে প্ৰৱঞ্চনাৰ বহু ভয়াৱহ তথ্য (ATM fraud arrested in Barpeta)৷

ৰাজ্যত পিয়াপি দিছে বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকে

বৰপেটা চহৰৰ ষ্টেট বেংক অব্ ইণ্ডিয়াৰ এটা ATMৰ পৰা ধন উলিওৱাৰ সময়ত কৌশলেৰে গ্ৰাহকৰ ডেবিট কাৰ্ড সলনি কৰি ধন লুটা কাৰ্যত জড়িত এটা বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দল ৫ এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল ৷ এগৰাকী মহিলাৰ পৰা কৌশলেৰে ডেবিট কাৰ্ড সলনি কৰি বৰ্হিঃৰাজ্যৰ তিনিজনীয়া প্ৰৱঞ্চকৰ দল এটাই ৩০ হাজাৰ টকা উলিয়াই নিয়াৰ পাছতে আৰক্ষীৰ জালত পৰিছিল দিল্লীৰ চুলতানপুৰীৰ মুকেশ, গোবিন্দ সিং আৰু হাৰিয়ানাৰ চান্নি নামৰ তিনি প্ৰৱঞ্চক ৷ আনহাতে প্ৰৱঞ্চকৰ দলটোৰ পৰা উদ্ধাৰ হৈছিল পেটিএম, ৩০ খন চুৰি ডেবিট কাৰ্ড আৰু HR 12K 3473 নম্বৰৰ এখন চাৰিচকীয়া বাহন ৷

প্ৰৱঞ্চকৰ দলটোৰ পৰা উদ্ধাৰ হোৱা চুৰি ডেবিট কাৰ্ডসমূহৰ ভিত্তিত তদন্ত আগবঢ়াই নিছে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটা আৰক্ষীৰ তদন্তৰ সূত্ৰ ধৰি শুকুৰবাৰে বৰপেটা সদৰ থানাত উপস্থিত হয় গুৱাহাটীৰ এগৰাকী যুৱতী ৷ বকোৰ এখন মহাবিদ্যালয়ৰ অধ্যাপিকা যুৱতীগৰাকীৰ ডেবিট কাৰ্ডখন উদ্ধাৰ হৈছিল প্ৰৱঞ্চকৰ দলটোৰ পৰা ৷ বৰপেটাত উপস্থিত হৈ যুৱতীগৰাকীয়ে জনোৱামতে, আজাৰাৰ এটা ATM ৰ পৰা তেওৰ ডেবিট কাৰ্ডখন সলনি কৰি উক্ত প্ৰৱঞ্চকৰ দলটোৱে উলিয়াই নিছিল 1 লাখ 7 হাজাৰ টকা ৷ যুৱতী অধ্যাপিকাগৰাকীয়ে জনোৱা মতে, বৰপেটা আৰক্ষীৰ জালত পৰা বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলটোৱে গুৱাহাটী, আজাৰা, দদৰা, বৰপেটাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ডেবিট কাৰ্ড সলনি কৰি লুটি নিছে লক্ষ লক্ষ টকা ৷ যুৱতী অধ্যাপিকাগৰাকীয়ে জনোৱামতে, ATM ৰ ওচৰে পাজৰে পিয়াপি দি ফুৰে প্ৰৱঞ্চকৰ দলটোৱে ৷ ATM লৈ অহা যুৱতী, মহিলা বা বয়োজ্যেষ্ঠ লোকক টাৰ্গেট কৰি টকা উলিওৱাত সহায় কৰাৰ চলেৰে কৌশলেৰে ডেবিট কাৰ্ডখন সলনি কৰি প্ৰৱঞ্চকৰ দলটোৱে উলিয়াই নিয়ে বেংকত জমা থকা গ্ৰাহকৰ ধন ৷

প্ৰৱঞ্চকৰ দলটোৰ পৰা ইতিমধ্যে টকা ট্ৰেঞ্চফাৰ কৰা এটা Paytm জব্দ কৰা হৈছে ৷ লক্ষ্যণীয়ভাৱে যিটো Paytm ৰে প্ৰৱঞ্চকৰ দলটোৱে টকা ট্ৰেঞ্চফাৰ কৰে বা নগদ টকা উলিয়ায় সেই Paytmটো দিল্লীৰ AMBA ENTERPRISES নামৰ এটা ব্যৱসায়িক সংস্থাৰ সৈতে জড়িত আছে ৷ যুৱতী অধ্যাপিকাগৰাকীৰ সন্দেহ, টাৰ্গেট কৰি লোৱা ATM টো বিকল কৰি লয় প্ৰৱঞ্চকৰ দলটোৱে আৰু ATMটোৱে কাম নকৰা দেখুৱাই সহায় কৰাৰ চলেৰে প্ৰৱঞ্চনাৰ জাল পেলায় দলটোৱে ৷

ইতিমধ্যে ৰাজ্যখনৰ বিভিন্নজন গ্ৰাহকৰ পৰা প্ৰৱঞ্চনা কৰি অনা ৩০ খনকৈ ডেবিট কাৰ্ডৰ জৰিয়তে ধন লুট কৰা সকলো তথ্য আহৰণ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে বৰপেটা আৰক্ষীয়ে ৷ অসমৰ পৰা নিতৌ প্ৰৱঞ্চনাৰে বেংকৰ জমা ধন লুট কৰা চক্ৰটোক পুলিয়ে পোখাই উভালিবলৈ আৰক্ষীক দাবী জনাইছে ভূক্তভোগীসকলে ৷

লগতে পঢ়ক: নিৰাপত্তাৰক্ষীক হাত-ভৰি বান্ধি ডিলাৰৰ পৰা ডকাইতে নিলে 7 খন বলেৰ’ পিক আপ ভান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.