বৰপেটা, ২৬ জুলাইঃ বৰপেটাৰ পাঠশালাত আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ হাহাকাৰ । সন্তানক কোলাত লৈ হিয়াভগা কান্দোন এগৰাকী মাতৃৰ ।
সমগ্ৰ ৰাজ্যখনৰ লগতে বৰপেটাৰ পাঠশালাতো বানে বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ । থান-বান হ'ল মৰমেৰে সজা ঘৰখন । এতিয়া সকলো বানাক্ৰান্তই আশ্ৰয় লৈছে বিভিন্ন আশ্ৰয় শিবিৰত । চৰকাৰ, প্ৰশাসন তথা বিভিন্ন দল সংগঠনে বানাক্ৰান্ত ৰাইজক সাহায্য বিতৰণ কৰিছে আশ্ৰয় শিবিৰত । কিন্তু ৰুগীয়া সন্তানক লৈ এগৰাকী মাতৃয়ে কান্দোনত ভাঙি পৰিছে আশ্ৰয় শিবিৰত । কাৰণ বানে সৰ্বস্বান্ত কৰিলে মহিলা গৰাকীৰ সকলো সা-সম্পত্তি । তাৰোপৰি ৰুগীয়া সন্তানটিক চিকিৎসা কৰাব পৰা নাই অৰ্থৰ অভাৱত । বানত ঘৰ-ভেটি উচন হোৱাৰ পিছত উপায়ন্তৰ হৈ আশ্ৰয় শিবিৰতে দিন অতিবাহিত কৰিবলগীয়া হোৱাত মহিলা গৰাকীয়ে এতিয়া একমাত্ৰ চৰকাৰকেই সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছে ।
লগতে আন এটা বাতৰি- VIDEO: বানত বিধস্ত নামনি অসম, মৃত 76জন