ETV Bharat / state

সংখ্যালঘুক লৈ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক সমালোচনা অধিবক্তা হাফিজ ৰছিদ চৌধুৰীৰ

দেওবাৰে জনিয়াৰ ফখৰুদ্দিন আলী আহমেদ মেম’ৰিয়েল কনিষ্ঠ মহাবিদ্যালয়ত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধিত্বমূলক অধিৱেশনৰ আয়োজন ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে ৷

author img

By

Published : Jan 24, 2021, 10:25 PM IST

hafiz rashid choudhury
জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীৰ

জনিয়া,24 জানুৱাৰী : বৰপেটাৰ জনিয়াৰ ফখৰুদ্দিন আলী আহমেদ মেম’ৰিয়েল কনিষ্ঠ মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধিত্বমূলক অধিৱেশনখন ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ৷

উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে, সম্প্ৰতি দেশৰ সংবিধানৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে । সংবিধান ৰক্ষাৰ বাবে হিন্দু-মুছলমান সকলো এক হ'ব লাগিব । সংবিধানে প্ৰদান কৰা অধিকাৰ ৰক্ষাৰ বাবে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব ।

জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি অধিবক্তাগৰাকীয়ে কয় যে, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ 65 শতাংশ আৰু 35 শতাংশৰ অংকত 65 শতাংশ মানুহ নাই । 65 শতাংশ মানুহৰ অধিকাংশ মানুহেই ধৰ্ম নিৰপেক্ষ, ভাল মানুহ ৷ 65 শতাংশ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নহয় আৰু হিমন্তৰ কথাবোৰ বুজি পায় । হিমন্ত বিশ্ব শৰ্মাই এদিন ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোগলৰ আগ্ৰাসন চলিছে বুলি নকৈ পোনপটীয়াকৈ মুছলমানৰ আগ্ৰাসন চলিছে বুলি কোৱা নাই কিয় ?

ইয়াৰোপৰি তেওঁ কয় যে, যদি অসমত মুছলমানৰ আগ্ৰাসন চলিছে, মুছলমানৰ কাৰণে অসমীয়াৰ সমস্যা হৈছে আৰু যদি মুছলমানৰ পৰা ভাবুকি আহিছে তেন্তে সৰ্বানন্দ সোণোৱালে দেখুৱাই দিয়ক । অসমীয়াৰ প্ৰতি ভাবুকি আহিছে গীৰ্জা, সত্যৰঞ্জন বৰা আৰু শিলাদিত্যৰ দৰে মানুহৰ পৰা ।

উল্লেখ্য যে, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি মোকাদ্দেছ আলী মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে অধিৱেশনৰ অন্যতম উদ্যোক্তা তথা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলাৰ সভাপতি ইব্ৰাহিম আলীয়ে ।

লগতে পঢ়ক : 27 জানুৱাৰীত 24 ঘন্টীয়া চকা বন্ধৰ আহ্বান পৰিবহন সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.