ETV Bharat / state

বৰপেটাত অ-পৰিৱৰ্তিত বান পৰিস্থিতি

বৰ্তমানেও বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, নখান্দা, মৰা চাউলখোৱা, ভেলেঙী, পহুমাৰা আৰু কালদিয়া নদীৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ জিলাখনত এতিয়াও ৭৩ টা আশ্ৰয় শিবিৰত প্ৰায় দহ হাজাৰ পাঁচশ জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

বৰপেটাত অপৰিৱৰ্তিত বান পৰিস্থিতি
author img

By

Published : Jul 18, 2019, 9:09 PM IST

বৰপেটা, ১৮ জুলাইঃ বৰপেটাত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি । জিলাখনত ৭৩ টা আশ্ৰয় শিবিৰত প্ৰায় দহ হাজাৰ পাঁচশজন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

বৰপেটাত অপৰিৱৰ্তিত বান পৰিস্থিতি
বৰ্তমানেও বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, নখান্দা, মৰা চাউলখোৱা, ভেলেঙী, পহুমাৰা আৰু কালদিয়া নৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ বানৰ কবলত পৰি প্ৰায় ১৪ লাখ লোক বিলাই বিপত্তিৰ সন্মুখীন হোৱাৰ লগতে বহু পৰিয়ালে মথাউৰি, বাট পথ, আদিত অতি দূৰ্বিষহ জীৱন অতিবাহিত কৰিলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি নস্ট হোৱাৰ উপৰিও ঘৰ দুৱাৰ আৰু পশু ধনৰ বিস্তৰ ক্ষতি সাধন হয় । ইতিমধ্যে বানাক্ৰান্তৰ মাজত চৰকাৰীভাৱেভাৱে ৯৩১৭ কুইন্টল চাউল, ১৭২৮ কুইন্টল দালি, ৪৭৭ কুন্টল নিমখ বিতৰন কৰা হৈছে ৷

লগতে আন এটা বাতৰি - বাঘবৰত বান-খহনীয়াঃ ঘৰ-বাৰী এৰিছে বন্যাৰ্তই

Intro:
বৰপেটা, ১৮ জুলাইঃ বৰপেটাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাতে আছে ৷ বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, নখান্দা, মৰা চাউলখোৱা, ভেলেঙী, পহুমাৰা আৰু কালদিয়া নদীৰ জলস্তৰ বৃদ্ধি হোৱা নাই যদিও নদী কেইখনৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ Body:ইপিনে বেঁকী আৰু মানাহ নদীৰ পানী বিপদ সীমাৰ তলেৰে ববলৈ লৈছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ এতিয়াও ১' ৮১ মিটাৰ ওপৰেৰে বৈ আছে ৷
বৰপেটা জিলাৰ কলগাছিয়া, বৰপেটা, চেঙা, সৰুপেটা, সৰ্থেবাৰী, বাঘবৰ, বজালী আৰু বৰনগৰ ৰাজহ চক্ৰৰ ৭১১ খন গাও বানৰ কবলত পৰিছে ৷ জিলাখনৰ কালান্তক বানৰ কবলত পৰি প্ৰায় ১৪ লাখ লোকৰ আলাই আথানি নোহোৱা হৈছে । জিলাখনত চৰকাৰীভাৱে ৭৩ টা আশ্ৰয় শিবিৰত প্ৰায় দহ হাজাৰ পাঁচশ জন লোকে আশ্ৰয় গ্ৰহন কৰি আছে ৷ আনহাতে বানপীড়িত বহু পৰিয়ালে মথাউৰি, বাট পথ, আদিত অতি দূৰ্বিষহভাৱে জীৱন অতিবাহিত কৰি আছে । জিলাখনত ৯২০৪'৫ হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰিছে ৷ জিলাখনত প্ৰায় ১২ লাখ হাঁহ, কুকুৰা, গৰু, ছাগলীকে ধৰি জীৱ জন্তু বানৰ কবলত পৰিছে ৷ এই মুহুৰ্তলৈকে বাঢ়নি পানীত জিলাখনৰ ৪০ টা ঘৰ ক্ষতিগ্ৰস্থ হৈছে ৷ বানাক্ৰান্তৰ মাজত চৰকাৰীভাৱেভাৱে ৯৩১৭ কুইন্টল চাউল, ১৭২৮ কুইন্টল দালি, ৪৭৭ কুন্টল নিমখ বিতৰন কৰা হৈছে ৷

ইপিনে কৃত্ৰিম বানত ডুব গৈছে বৰপেটা চহৰ ৷ বৰপেটা চহৰৰ বৃন্দাবনহাটী, পালাংদিহাটী, ফাটাহাটী, বিলৰটাৰীহাটী, গান্ধীনগৰ, ৰংপুৰহাটী, কৃষ্ণনগৰ আদিকে ধৰি চহৰখনৰ প্ৰায়বোৰ অঞ্চল বানত ডুব গৈছে ৷ বানৰ ফলত বৰপেটা চহৰৰ বাটপথ সমুহৰ লগতে শ শ পৰিয়ালৰ ঘৰবাৰী, চৰকাৰী কাৰ্যালয় আদি বানৰ কবলত পৰিছে ৷ চহৰখনত উপযুক্ত নলাৰ ব্যৱস্থা নথকাৰ বাবেই চহৰখন এনেদৰে বানত ডুব গৈছে ৷

Conclusion:বাইটঃ চহৰবাসী ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.