জনীয়া,২০ মাৰ্চ: ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । আন আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ নতুনকৈ গঠিত ৰাইজৰ দলৰ প্ৰাৰ্থীসকলেও প্ৰচাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।
বৰপেটা জিলাৰ ৪৪ নং জনীয়া সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামেও দোকানে দোকানে গৈ প্ৰচাৰ চলাইছে । বিধানসভাৰ মজিয়াত সমষ্টিৰ সমস্যাসমূহ তুলি ধৰাৰ প্ৰতিশ্ৰুতি প্ৰাৰ্থীগৰাকীৰ । খহনীয়া সমস্যাৰ সঠিক উপস্থাপন, সমাধান আৰু শিক্ষাৰ্থীৰ ছাত্ৰ বৃত্তি ৰূপায়ণ কৰাত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে প্ৰাৰ্থী গৰাকীয়ে ।
ইমানদিনে বিজেপি নেতাই মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে যি ধৰণে কটু মন্তব্য কৰি আহিছে সেই দলৰ প্ৰাৰ্থীৰ লজ্জাবোধ থাকিলে জনীয়াৰ ভোটাৰৰ ওচৰত ভোট খুজিব নোৱাৰে বুলিও প্ৰাৰ্থী গৰাকীয়ে দাবী কৰে ।
লগতে পঢ়ক: হোজাইত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত