ETV Bharat / state

Jakir Hussain Sikdar Slams AIUDF: কংগ্ৰেছৰ অক্সিজেন চিলিণ্ডাৰ নাপায় বহিঃৰাজ্যৰ দলৰ দুৱাৰে দুৱাৰে ভিক্ষা আজমলৰ - শাৰদ পাৱাৰ

ৰাজ্যজুৰি পুনৰ চৰ্চাত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰসংগ (Congress AIUDF alliance) ৷ এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহয় বুলি মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar Slams AIUDF) ৷

APCC Working president Jakir Hussain Sikdar
কংগ্ৰেছৰ অক্সিজেন চিলিণ্ডাৰ নাপায় বহিঃৰাজ্যৰ দলৰ দুৱাৰে দুৱাৰে ভিক্ষা আজমলৰ
author img

By

Published : May 14, 2023, 6:00 PM IST

কংগ্ৰেছৰ অক্সিজেন চিলিণ্ডাৰ নাপায় বহিঃৰাজ্যৰ দলৰ দুৱাৰে দুৱাৰে ভিক্ষা আজমলৰ

বৰপেটা, 14 মে’ : ‘‘আমি কৈ কৈ ভাগৰি পৰিছো, নিখিল ভাৰত কংগ্ৰেছ কমিটী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ফালৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে যে, এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহয় ৷ আমি বাৰে বাৰে কোৱাৰ পিচতো এ আই ইউ ডি এফে নুবুজাৰ ভাও ধৰি বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে ৷’’ ৰাজ্যজুৰি পুনৰ চৰ্চাত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰসংগ (Congress AIUDF alliance) ৷ কংগ্ৰেছৰ আৰু এ আই ইউ ডি এফৰ কোনো কাৰণতে মিত্ৰতা নহয় বুলি এই মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar Slams AIUDF) ৷

শিকদাৰে লগতে কয়, ‘‘যোৱা দিনকেইটাত এ আই ইউ ডি এফ দলৰ নেতাই বিহাৰলৈ গৈ নীতিশ কুমাৰকে ধৰি লালু প্ৰসাদ যাদৱৰ পৰিয়ালক সাক্ষাৎ কৰিছে, ইয়াৰ পিচত মহাৰাষ্ট্ৰলৈও যোৱাৰ কথা আমি শুনিবলৈ পাইছো (APCC Working president Jakir Hussain Sikdar ) ৷ এ আই ইউ ডি এফে কাক কেতিয়া লগ কৰে তাত আমাৰ ক’বলগীয়া একো নাই ৷ আমি কংগ্ৰেছে বাৰম্বাৰ কৈ আহিছো যে, এতিয়া এ আই ইউ ডি এফৰ ভৰিৰ তলত মাটি নাই ৷ এ আই ইউ ডি এফ দলৰ কোনো নেতাক অসমৰ লোকে বিশ্বাস নকৰে ৷ এতিয়া বুজাই বুজিছে যে এ আই ইউ ডি এফ কিমান দুৰ্বল হৈছে ৷ আহি থকা কোনো এটা নিৰ্বাচনতে AIUDF জয়যুক্ত হ’ব নোৱাৰে ৷ তেওঁলোক যদি শক্তিশালী হ’লহেঁতেন তেওঁলোকে অসমতে বহি থাকিল হয় , তেওঁলোকক বেলেগে বিচাৰি আহিল হয় ৷ তেওঁলোকে দুৰ্বল কাৰণে সবল হ’বলৈ বেলেগৰ পিচে পিচে ঘূৰি ফুৰিছে (Congress leader slams Badruddin Ajmal)৷’

কাৰ্যকৰী সভাপতিগৰাকীয়ে দলটোৰ নেতৃত্বক কটাক্ষ কৰি কয় যে, এ আই ইউ ডি এফ হৈছে নিমন্ত্ৰণ নিদিয়াকৈ বিয়া খাবলৈ যোৱা মানুহ ৷ আজিলৈ এ আই ইউ ডি এফে দেখুওৱা সপোন এটাও বাস্তৱায়িত কৰিব নোৱাৰিলে ৷ এ আই ইউ ডি এফৰ নেতাসকল ক্ষমতাবলীয়া মানুহ ৷ কংগ্ৰেছক কটাক্ষ কৰি থকাৰ পিচতো এ আই ইউ ডি এফে ঘূৰি ঘূৰি কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিবলৈ আহে ৷

অসম তথা ভাৰতৰ ৰাইজে সাম্প্ৰদায়িক শক্তি, জাত-পাতৰ ৰাজনীতিক বিদায় দিব ৷ কংগ্ৰেছৰ অক্সিজেন চিলিণ্ডাৰৰ চুইছ অফ হৈ যোৱাৰ পিচত নীতিশ কুমাৰ বা শাৰদ পাৱাৰৰ অক্সিজেনৰ পাইপ AIUDFৰ নাকত লগাৰ কোনো সম্ভৱনা নাই বুলি সদৰী কৰে শিকদাৰে ৷

লগতে পঢ়ক: Assam govt in debt : উদং ৰাজ্কোষ! পুনৰ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.