জনীয়া, 26 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে সোমবাৰে কলগাছিয়াৰ ৰূপসী শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় প্ৰাংগণত অংগনবাদী কৰ্মী-সহায়িকা সন্থাৰ উদ্যোগত আৰু চিআইটিইউৰ সহযোগত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰকল্প বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদকাৰীসকলে মাননীৰ সলনি মজুৰি দিয়ক, কৰ্মী-সহায়িকাৰ মজুৰি বৃদ্ধি কৰক, বিজ্ঞানসন্মত কেন্দ্ৰ নিৰ্মাণ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ অংগনবাদী কৰ্মী-সহায়িকাসকলৰ দাবী পূৰণ নহ’লে 9 আগষ্টত দেশব্যাপী আইন অমান্য আন্দোলনৰ লগতে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে চিটু(CITU)ৰ নেতা চানমামুদ আহমেদে ৷
উল্লেখ্য যে, অংগনবাদী কৰ্মীসকলৰ চাকৰি নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ মাহিলী মজুৰি 18 হাজাৰ টকাকৈ ধাৰ্য কৰাৰ দাবীত দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে কৰ্মীসকলে ৷ অৱসৰপ্ৰাপ্ত কৰ্মীক এককালীন পেঞ্চন হিচাপে 5 লাখ টকা আৰু সহায়িকাক 3 লাখ টকা প্ৰদান কৰাৰো দাবী উত্থাপন কৰি আহিছে অংগনবাদী কৰ্মীসকলে ৷ কিন্তু এই সন্দৰ্ভত চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষুদ্ধ হৈ পৰিছে কৰ্মীসকল ৷
উপায়হীন হৈ চৰকাৰক শীঘ্ৰে এই দাবীসমূহ পূৰণৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷
বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ অভাৱত ৰাজ্যৰ অংগনবাদী কৰ্মীসকলৰ অৱস্থা বৰ্তমান শোচনীয় হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ দৰে কৰ্ম কৰিব লাগে যদিও নামমাত্ৰ মাননী লাভ কৰিয়ে উক্ত কৰ্মীসকলে চলাই আহিছে দৈনিক কাম-কাজ । মূল্যবৃদ্ধিৰ যুগত নামমাত্ৰ মাননী লাভ কৰাৰ ফলত পৰিয়াল-পোহপাল দিয়াত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে অংগনবাদী কৰ্মীসকলৰ ।
লগতে পঢ়কঃ চন্দ্ৰপুৰত anti dumping ground manch ৰ ক'লা পতাকা প্ৰদৰ্শন