ETV Bharat / state

কলগাছিয়াত প্ৰৱেশ নকৰে এম্বুলেন্স ! - কলগাছিয়াত প্ৰৱেশ নকৰে এম্বুলেন্স

কলগাছিয়াৰ পাহাৰতলিৰ এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ বানৰ ফলত দুবছৰ পূৰ্বে ভাঙি-ছিঙি যোৱা পথটোৰ বাবে অঞ্চলটোলৈ প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱা ৷ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

Ambulance without entering Kalgachiya
কলগাছিয়াত প্ৰৱেশ নকৰে এম্বুলেন্স!
author img

By

Published : Dec 5, 2020, 10:39 AM IST

জনীয়া,5 ডিচেম্বৰ: কলগাছিয়াৰ পাহাৰতলিত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক। বানত ভাঙি-ছিঙি বিপদজনক হৈ পৰা পথটো দুবছৰতো নহ'ল মেৰামতি । পথৰ দুৰৱস্থাৰ বাবে ব্যাহত হৈ পৰিছে অঞ্চলটোত জৰুৰীকালীন সেৱা ৷

Ambulance without entering Kalgachiya
কলগাছিয়াত প্ৰৱেশ নকৰে এম্বুলেন্স!

বাঘবৰ সমষ্টিৰ অন্তৰ্গত তথা কলগাছিয়া ৰাজহ চক্ৰৰ পাহাৰতলি গাঁৱৰ পথটো দুবছৰ পূৰ্বে বানপানীৰ সময়ত ভাঙি ছিঙি গৈছিল ৷ দুবছৰ পূৰ্বে ভাঙি-ছিঙি যোৱা পথটো মেৰামতিৰ বাবে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিলে যদিও সেয়া সুবিধা বৰ্তমানেও লাভ নকৰিলে স্থানীয় ৰাইজে ৷ পথটো জৰাজীৰ্ণ হৈ যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা, বন্ধ হৈ পৰিছে জৰুৰীকালীন সেৱা ।

পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ প্ৰৱেশ কৰিব নোৱাৰে কোনো এম্বুলেন্স নাইবা অগ্নিনিৰ্বাপক বাহন । ফলত কান্ধত তুলি অনা-নিয়া কৰিব লগা হয় ৰোগী । জৰাজীৰ্ণ পথৰ ফলত কৃষকৰ উৎপাদিত ফচলসমূহো চহৰলৈ নিব নোৱাৰে কৃষকসকলে ৷ যাৰ বাবে গাঁৱতেই কম মূল্যত বিক্ৰী কৰিব লগা হয় ফচলসমূহ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পথৰ দুৰৱস্থাৰ বাবে বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষকসকলে ।

Ambulance without entering Kalgachiya
কলগাছিয়াত প্ৰৱেশ নকৰে এম্বুলেন্স!

চতলা গাঁৱৰ পৰা পাহাৰতলি হৈ অভয়াপুৰী, বঙাইগাঁও, যোগীঘোপা, গোৱালপাৰালৈ যোৱা এই গুৰুত্বপূৰ্ণ পথটোৰে দৈনিক যাতায়ত কৰে শতাধিক লোকে ৷ কিন্তু পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো ব্যৱস্থা ৷ সভাই- সমিতিয়ে প্ৰতিশ্ৰুতি দিয়াতেই দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে ৷

অন্য এক খবৰৰ বাবে: যোৰহাটত বিদায় অনুষ্ঠানত আৱেগিত হৈ পৰিল লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.