ETV Bharat / state

বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৮৩ বছৰীয়া যাত্ৰা : অনুষ্ঠিত হ'ল প্ৰাক্তন ছাত্ৰ সন্মিলন

author img

By

Published : Dec 20, 2021, 11:20 AM IST

দেওবাৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় (Madhab Choudhury College) ত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সন্মিলন (Alumni Meeting held at MC College) ৷ এই সন্মিলনত অংশগ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ৰোমন্থন কৰিলে কলেজীয়া জীৱনৰ বহু স্মৃতি ৷

alumni-meeting-held-at-mc-college-barpeta
মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন

বৰপেটা, 20 ডিচেম্বৰ : দেওবাৰে নামনি অসমৰ প্ৰাচীন ঐতিহ্যমণ্ডিত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় (Madhab Choudhury College) ত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সন্মিলন (Alumni Meeting held at MC College) ৷ এই সন্মিলনত মহাবিদ্যালয়খনত 1946 চনৰ পৰা 2021 চনলৈকে অধ্যয়ন কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

এই মহাবিদ্যালয়খনে প্ৰতিষ্ঠা কালৰে পৰা জাতীয় জীৱনলৈ আগবঢ়াইছে এক অনবদ্য অৱদান ৷ ৰাজ্যখনৰ তৃতীয়খন প্ৰাচীন মহাবিদ্যালয় হিচাপে পৰিচিত এই মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ৰোমন্থন কৰিলে কলেজীয়া জীৱনৰ বহু স্মৃতি ৷ পুৰণি সতীৰ্থসকলক লগ পাই, পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷

মহাবিদ্যালয়খনক সৰ্বাংগীণ সুন্দৰভাৱে অনাগত দিনত কেনেকৈ আগবঢ়াই নিব পাৰি, তাৰ বিষয়েও আলোচনা কৰা হয় প্ৰাক্তন ছাত্ৰ সন্মিলনত ৷ উল্লেখ্য যে, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ 83 বছৰীয়া যাত্ৰাকালৰ পিছতো ৰাজ্য চৰকাৰে এই প্ৰাচীন মহাবিদ্যালয়খনৰ উন্নয়ন অথবা বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিলে একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ৷ এই অনুষ্ঠানতেই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ নতুন কমিটি এখনো গঠন কৰা হয় ৷

লগতে পঢ়ক : Himanta Biswa Sarma at GMCH : জিএমচিএইচত মুখ্যমন্ত্রীৰ ছাডেন ভিজিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.