ETV Bharat / state

Allegation of Scam in Orunodoi: ৰাজনৈতিক দলৰ দালাল নহ’লে নাপায় অৰুণোদয়; বঞ্ছিত জনতাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 8:05 PM IST

কলগাছিয়াৰ তিতাপানী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ । বিশেষভাৱে সক্ষম লোকক বঞ্চিত কৰি সচ্চল মানুহৰ নাম সোমাল আঁচনিৰ তালিকাত ৷

Allegation of Scam in Orunodoi Scheme
ৰাজনৈতিক দলৰ সক্ৰিয় দালাল নহলো কাৰনে নাপালো অৰুণোদয় আঁচনি

জনিয়া, 15 অক্টোবৰ : বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত তিতাপানী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । একাংশ গাঁওবুঢ়া আৰু জীৱিকা সখীয়ে মিলি দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে, তিতাপানী গাঁও পঞ্চায়তত অৰুণোদয় 2.0 আঁচনিৰ নতুনকৈ প্ৰকাশ পোৱা তালিকাত 10 টা ৱাৰ্ডত 400ৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ কিন্তু তালিকাখনত একাংশ ধনী মানুহৰ নাম সোমাইছে বুলি অভিযোগ তিতাপানী গাঁও পঞ্চায়তৰ বঞ্চিত লোকৰ ৷

এই ক্ষেত্ৰত গাঁও বুঢ়া আৰু জীৱিকা সখীয়ে ধনৰ বিনিময়ত অযোগ্য ব্যক্তিক তালিকাত অন্তৰ্ভুক্ত কৰিছে ৷ উক্ত তালিকাত পঞ্চায়ত সভাপতি, জীৱিকা সখী আৰু গাঁওবুঢ়াৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ তথাপিও গাঁওখনৰ বিশেষভাৱে সক্ষম আৰু দুখীয়া পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

‘‘সম্পত্তি যাৰ আছে তাৰহে আৰুণোদয় আঁচনি ৷ যাৰ গাড়ী, ঘৰ আছে তাৰ বাবেহে অৰুণোদয় আঁচনি ৷ কাৰণ আপুনি কোনো এটা ৰাজনৈতিক নেতাৰ সক্ৰিয় দালাল হ’ব লাগিব ৷ অন্যথা ভাল ব্যৱসায় থাকিব লাগিব ৷ দুখীয়া লোকৰ কথা পাহৰিলে তেওঁলোকে ৷ আমি জিলা আয়ুক্ত, মহকুমাধিপতিক আহ্বান জনাওঁ যে শীঘ্ৰে অনিয়ম সংগঠিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷’’ এই মন্তব্য স্থানীয় লোকৰ ৷

‘‘মই পঞ্চায়ত সভাপতিৰ ওচৰলৈ গৈছিলো ৷ কিন্তু পিতৃৰ নাম আঁচনিৰ তালিকাৰ্ভুক্ত কাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু যেতিয়া তালিকা প্ৰকাশ কৰিলে তাত মোৰ পিতৃৰ নাম নাহিল ৷ আমি ধন দিব নোৱাৰিলো কাৰনে নাম নাহিল ৷ ’’ এই মন্তব্য অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত লোকৰ ৷

লগতে পঢ়ক:Theft incident : কলগাছিয়াৰ খাৰবাল্লী গাঁৱত ৰাইজে হাতে-লোটে ধৰিলে চোৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.