ETV Bharat / state

ৰঞ্জিত কুমাৰ দাস ৰাজ্যখনৰ এটি সমস্যাঃ ৰফিকুল ইছলাম - ৰনজিৎ কুমাৰ দাস

জনীয়াৰ উন্নয়নৰ বাবে জনীয়াত বিজেপিক জয়ী কৰিবলৈ কৰা দাবীৰ কোনো গ্ৰহণযোগ্যতা নাই বুলি মন্তব্য কৰি সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা 126 টা সমষ্টিৰে মন্ত্ৰী বুলিও তেওঁ সোঁৱৰাই দিয়ে ৷

ৰনজিৎ কুমাৰ দাস ৰাজ্যখনৰ এটি সমস্যাঃ ৰফিকুল ইছলাম
author img

By

Published : Sep 29, 2019, 8:21 PM IST

Updated : Sep 29, 2019, 9:14 PM IST

বৰপেটা, 29 চেপ্তেম্বৰঃ বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসক ৰাজ্যখনৰ বাবে এটা সমস্যা বুলি অভিহিত কৰে AIUDFৰ নেতা ড0 ৰফিকুল ইছলামে ৷ জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব লাভ কৰাৰ পাচত বৰপেটাত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ দেওবাৰে বৰপেটাৰ AIUDF ৰ জিলা কাৰ্যালয়ত উপস্থিত হোৱা ৰফিকুল ইছলামক দলীয় নেতা কৰ্মীসকলে উষ্ম আদৰণি জনায় ৷ দলীয় নেতা, কৰ্মীসকলৰ শুভেচ্ছা গ্ৰহণ কৰাৰ পাচতে AIUDF প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক সমালোচনাৰে থকা-সৰকা কৰে ৷ লগতে NRCক লৈ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, শিলাদিত্য দেৱ আদিয়ে কৰি অহা মন্তব্যৰো সমালোচনা কৰি NRC ত নাম অহা লোকসকলক বিভিন্ন ধৰণে ধমকি দি অহা হৈছে বিৰ্তকিত বুলি মন্তব্য কৰে জনীয়াৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

জনীয়াৰ উন্নয়নৰ বাবে জনীয়াত বিজেপিক জয়ী কৰিবলৈ কৰা দাবীৰ কোনো গ্ৰহণযোগ্যতা নাই বুলি মন্তব্য কৰি সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা 126 টা সমষ্টিৰে মন্ত্ৰী বুলিও তেওঁ সোঁৱৰাই দিয়ে ৷ তেওঁলোকক ভোট দিয়া সমষ্টিসমূহৰহে উন্নয়ন কৰিব বা ভোট নিদিলে উন্নয়ন সাধন নকৰিব বুলি কোৱা কথা সংবিধানবিৰোধী বুলি কয় AIUDF নেতা গৰাকীয়ে ৷

ৰঞ্জিত কুমাৰ দাস ৰাজ্যখনৰ এটি সমস্যাঃ ৰফিকুল ইছলাম

আনহাতে, বৰপেটা আহিলে পাকিস্তানলৈ অহা যেন লগা বুলি কোৱা; ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মাক ভোট ভিক্ষাৰ বাবে আহিলে জনগনে উচিত শিক্ষা দিব বুলিও প্ৰকাশ কৰে জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ AIUDF ৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে কংগ্ৰেছে জনীয়াত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত স্পষ্টভাৱে কোনো প্ৰকাশ নকৰি AIUDF ৰ কৰ্মীসকল শক্তিশালীভাৱে যুঁজত অৱতীৰ্ণ হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰফিকুল ইছলামে ৷

Intro:
বৰপেটা, ২৯ ছেপ্টেম্বৰঃ জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত এআইইউডিএফৰ দলীয় প্ৰাৰ্থীত্ব লাভ কৰাৰ পিচত আজি বৰপেটাত উপস্থিত হয় ড0 ৰফিকুল ইছলাম ৷ বৰপেটাত এআইইউডিএফৰ জিলা কাৰ্যালয়ত উপস্থিত হোৱা ৰফিকুল ইছলামক দলীয় নেতা কৰ্মীসকলে উস্ম আদৰনি জনায় ৷ দলীয় নেতা, কৰ্মীসকলৰ শুভেচ্ছা গ্ৰহন কৰাৰ পিচতে এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসক তীব্ৰভাৱে সমালোচনা কৰি ৰনজিৎ কুমাৰ দাসক ৰাজ্যখনৰ বাবে এটা সমস্যা বুলি অভিহিত কৰে ৷ Body:জনীয়াৰ সৰ্বাংগীন উন্নয়নৰ বাবে উপ নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰিবলৈ বিজেপিয়ে কৰি অহা ৰাজনীতিৰ বিপৰীতে এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীৰ দাবী- বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সমাধান কৰিব নোৱাৰে জনীয়াৰ সমস্যা ৷ আনকি এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে ৰণজিৎ কুমাৰ দাসক ৰাজ্যখনৰ বাবে এটা সমস্যা বুলিহে অভিহিত কৰে ৷ এনআৰচিক লৈ হিমন্ত বিশ্ব শৰ্মা, ৰণজিৎ দাস, শিলাদিত্য দেৱ আদিয়ে কৰি অহা মন্তব্যৰো সমালোচনা কৰি এনআৰচিত নাম অহা লোকসকলক বিভিন্ন ধৰনে ধমকি দি থকা বুলি মন্তব্য কৰে জনীয়াৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ লাখ লাখ বিদেশীৰ নাম এনআৰচিত অহা বুলি কৈ সেই লোকসকলে হাঁহিব নালাগে বুলি তেওলোকে ধমকি দিয়া বুলিও মন্তব্য কৰে এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে ৷ হিমন্ত বিশ্ব শৰ্মা, ৰনজিৎ দাস আদিয়েতেওলোকে সসস্যা সমাধানৰ সলনি সমস্যা সৃষ্টি কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে ৷ জনীয়াৰ উন্নয়নৰ বাবে জনীয়াত বিজেপিক জয়ী কৰিবলৈ কৰা দাবীৰ কোনো গ্ৰহনযোগ্যতা নাই বুলি মন্তব্য কৰি সৰ্বানন্দ সোনোৱাল বা হিমন্ত বিশ্ব শৰ্মা ১২৬ টা সমষ্টিৰে মন্ত্ৰী বুলিও তেও সোঁৱৰাই দিয়ে ৷ তেওলোকক ভোট দিয়া সমষ্টিসমুহৰহে উন্নয়ন কৰিব বা ভোট নিদিলে উন্নয়ন সাধন নকৰিব বুলি কোৱা কথা সংবিধানবিৰোধী বুলি উল্লেখ কৰে ৷ আনহাতে বৰপেটাক আহিলে পাকিস্থান যেন লগা বুলি কোৱা ৰনজিৎ দাস, হিমন্ত বিশ্ব শৰ্মাই ভোট ভিক্ষাৰ বাবে আহিলে জনগনে উচিত শিক্ষা দিব বুলিও প্ৰকাশ কৰে জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে কংগ্ৰেছে জনীয়াত দূৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত স্পষ্টভাৱে কোনো প্ৰকাশ নকৰি এআইইউডিএফৰ কৰ্মীসকল শক্তিশালীভাৱে যুঁজত অৱতীৰ্ণ হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰফিকুল ইছলামে ৷

Conclusion:বাইটঃ ৰফিকুল ইছলাম ৷

---- বাপকন দাস, বৰপেটা ৷৷
Last Updated : Sep 29, 2019, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.