ETV Bharat / state

গৰু ছিণ্ডিকেটৰ লগত আৰক্ষী তথা বহুতো মন্ত্ৰী-বিধায়ক জড়িতঃ সাংসদ

author img

By

Published : Jul 19, 2020, 7:02 PM IST

কেৱল ধুবুৰী আৰক্ষী নহয় অসমৰ বহু আৰক্ষী,মন্ত্ৰী-বিধায়ক গৰু ছিণ্ডিকেটৰ লগত জড়িত হৈ আছে ৷ এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ ৷ লগতে,ধুবুৰীৰ সাংবাদিক ৰাজীব শৰ্মাৰ পিতৃৰ বিয়োগৰ বাবে ধুবুৰী আৰক্ষীক জগৰীয়া কৰিলে সাংসদ গৰাকীয়ে ৷ চৰকাৰক বিহিত ব্যবস্থা ল'বলৈ আহ্বান সাংসদ গৰাকীৰ ৷

Abdul khaleque's Reaction on Cow Syndicate
গৰু ছিণ্ডিকেটৰ লগত আৰক্ষী তথা বহুতো মন্ত্ৰী-বিধায়ক জড়িতঃ সাংসদ

জনীয়া, 19 জুলাই : কেৱল ধুবুৰী আৰক্ষী নহয় অসমৰ বহু আৰক্ষী,মন্ত্ৰী-বিধায়ক গৰু ছিণ্ডিকেটৰ লগত জড়িত হৈ আছে ৷ এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ ৷ কলগাছিয়াৰ ৰাজীৱ ভৱনত এআইইউডিএফৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবেদ আলী মণ্ডলে কংগ্ৰেছ দলত যোগদান কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য প্ৰদান কৰে সাংসদ গৰাকীয়ে । লগতে,ধুবুৰীৰ সাংবাদিক গৰাকীৰ পিতৃৰ বিয়োগৰ বাবে ধুবুৰী আৰক্ষীক জগৰীয়া কৰিলে সাংসদ গৰাকীয়ে ৷

ইয়াৰ উপৰিও,সাংসদ গৰাকীয়ে ধুবুৰীৰ সাংবাদিক ৰাজীব শৰ্মাক গ্ৰেপ্তাৰ প্ৰসংগত মন্তব্য প্ৰদান কৰি জনাই যে,ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো । ৰাজীৱ শৰ্মাক তাৎক্ষণিক ভাবে মুক্তি দিব লাগে । ৰাজীৱ শৰ্মাৰ পিতৃৰ মৃত্যুৰ বাবে ধুবুৰী আৰক্ষী দায়ী । চৰকাৰে কেৱল ধুবুৰীৰ আৰক্ষী অধীক্ষক বদলি কৰিলেই নহব,তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য প্ৰদান কৰে । লগতে,গৰু ছিণ্ডিকেটৰ ওপৰত চিবিআই তদন্তৰ দাবী কৰি গৰু ছিণ্ডিকেটত ধুবুৰী আৰক্ষীয়েই নহয় অসমৰ বহু পুলিচ বিষয়া আৰু অন্যান্য বিষয়াৰ লগতে মন্ত্ৰী আৰু বিধায়কো জড়িত হৈ আছে বুলি দাবী কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে।

উল্লেখ্য যে,আবেদ আলী মণ্ডল জনীয়া সমষ্টিৰ এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ভাগিন জোঁৱাই।

লগতে পঢ়ক : উত্তৰ অভায়াপুৰীত বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.