ETV Bharat / state

নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি - মাতৃ

" কলগাছিয়াৰ বৰটাৰী গাঁৱত মোৰ মাতৃয়ে জন্ম গ্ৰহণ কৰিছে ৷ তাৰোপৰি মোৰ মাতৃৰ নাম 1951 চনৰ এন আৰ চিত থকাৰ লগতে 1970 ৰ ভোটাৰ তালিকাতো সন্নিৱিষ্ট আছে ৷ তেনেক্ষেত্ৰত মোৰ মাতৃৰ নাম এন আৰ চিত সন্দেহজনকৰ তালিকাত সোমোৱাটো ৰহস্যজনক ৷" - এই মন্তব্য সাংসদ আব্দুল খালেকৰ ৷

এইবাৰ সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি
author img

By

Published : May 27, 2019, 3:13 PM IST

বৰপেটা,27 মে' : বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি ৷ নিজ মাতৃক লগত লৈ শুনানিৰ বাবে এন আৰ চি কেন্দ্ৰত উপস্থিত হল সাংসদ আব্দুল খালেক ৷

বৰপেটাৰোডৰ প্ৰসূতি সদনত থকা এন আৰ চি কেন্দ্ৰত সোমবাৰে 75 বছৰীয়া সাংসদ মাতৃ ছবুৰা খাতুনক লগত লৈ উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকীৰ মাতৃৰ বিৰুদ্ধে হৃদয় ৰঞ্জন নাথ নামৰ অজ্ঞাত লোক এজনে এন আৰ চিত দাখিল কৰা কাগজ-পত্ৰ শুদ্ধ নহয় বুলি আপত্তি দৰ্শাইছিল ৷ সেই মৰ্মে নিজ মাতৃক লগত লৈ সোমবাৰে পুৱা বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰত উপস্থিত হয় যদিও কেন্দ্ৰত উপস্থিত নাথাকিল হৃদয় ৰঞ্জন নাথ ৷

এইবাৰ সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি

সাংসদ আব্দুল খালেকে কয় ," কলগাছিয়াৰ বৰটাৰী গাঁৱত মোৰ মাতৃয়ে জন্ম গ্ৰহণ কৰিছে ৷ তাৰোপৰি মোৰ মাতৃৰ নাম 1951 চনৰ এন আৰ চিত থকাৰ লগতে 1970 ৰ ভোটাৰ তালিকাতো সন্নিবিষ্ট আছে ৷ তেনেক্ষেত্ৰত মোৰ মাতৃৰ নাম এন আৰ চিত সন্দেহজনকৰ তালিকাত সোমোৱাটো ৰহস্যজনক ৷" লগতে তেখেতৰ মাতৃৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৃদয় ৰঞ্জন নাথ নামৰ লোক জনে এন আৰ চি কেন্দ্ৰত উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ নামত অযথা হাৰাশাস্তি কৰা এই শুনানিয়েই শেষ শুনানি হওক বুলি তীৰ্যক মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

সাংসদ আব্দুল খালেকে এজনো বিদেশীৰ নাম নথকাকৈ আৰু এজনো স্বদেশীৰ নাম বাদ নপৰাকৈ এখন শুদ্ধ এন আৰ চি বিচৰা বুলি উল্লেখ কৰি সাংসদ আব্দুল খালেকে কয়, "এনে ধৰনৰ পলৰীয়া অভিযোগকাৰী সকল এন আৰ চিৰো শত্ৰু আৰু ৰাষ্ট্ৰৰো শত্ৰু ৷ এনে শত্ৰুক চিনাক্তকৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য ৷"

Intro:বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি ৷ নিজ মাতৃক লগতলৈ সাংসদ আব্দুল খালেকে হিয়েৰিঙৰ বাবে উপস্থিত হল এন আৰ চি কেন্দ্ৰত ৷Body:বৰপেটাৰোডৰ প্ৰসূতি সদনত থকা এন আৰ চি কেন্দ্ৰত সোমবাৰে ৭৫ বছৰীয়া সাংসদ মাতৃ ছবুৰা খাতুনক লগতলৈ বৰপেটাৰ সাংসদ আব্দুল খালেকে উপস্থিত হয় ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ বৰটাৰী গাৱত জন্ম গ্ৰহণ কৰা ছবুৰা খাতুনৰ নামত হৃদয় ৰঞ্জন নাথ নামৰ অজ্ঞাত লোক এজনে সাংসদ মাতৃৰ এন আৰ চিত দাখিল কৰা কাগজ পাতি শুদ্ধ নহয় বুলি আপত্তি দৰ্শাইছিল ৷ সেই মৰ্মে নিজ মাতৃক লগতলৈ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে সোমবাৰে পুৱা বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰত হিয়েৰিঙত উপস্থিত হৈ আব্দুল খালেকে কয় মোৰ মাতৃৰ নামত আপত্তি দাখিল কৰা লোকজনক এন আৰ চি হিয়েৰিঙ কেন্দ্ৰত লগ পাই প্ৰশ্ন কৰিব কি কি কাগজ পাতি শুদ্ধ নহয় ৷ কিন্তু আপত্তি দৰ্শোৱা হৃদয় ৰঞ্জন নাথ উপস্থিত নাথাকিল ৷ সাংসদ আব্দুল খালেকে কয় কলগাছিয়াৰ বৰটাৰী গাৱত মোৰ মাতৃয়ে জন্ম গ্ৰহণ কৰিছে ৷ তাৰোপৰি মোৰ মাতৃৰ নাম 1951 চনৰ এন আৰ চিত থকাৰ লগতে 1970ৰ ভোটাৰ তালিকাতো মোৰ মাতৃৰ নাম সন্নিবিষ্ট আছে ৷ তেনেক্ষেত্ৰত মোৰ মাতৃৰ নাম এন আৰ চিত সন্দেহজনকৰ তালিকাত সোমোৱাটো ৰহস্যজনক ৷ তেও লগতে কয়
প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ নামত অযথা হাৰাশাস্তি কৰা এই শুনানিয়েই শেষ শুনানি হওক বুলি তীৰ্যক মন্তব্য কৰে ৷ তেও লগতে তেওৰ মাতৃৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৃদয় ৰঞ্জন নাথ নামৰ লোক জনে এন আৰ চি কেন্দ্ৰত উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় তেও আজি কিয় উপস্থিত নাথাকিল বুলি প্ৰশ্ন তোলে ৷ সাংসদ আব্দুল খালেকে এজনো বিদেশীৰ নাম নথকাকৈ আৰু এজনো স্বদেশীৰ নাম বাদ নপৰাকৈ এখন শুদ্ধ এন আৰ চি বিচৰা বুলি উল্লেখ কৰি সাংসদ আব্দুল খালেকে কয় এনে ধৰনৰ পলৰীয়া অভিযোগকাৰী সকল এন আৰ চিৰো শত্ৰু আৰু ৰাষ্ট্ৰৰো শত্ৰু ৷ এনে শত্ৰুক চিনাক্তকৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য ৷ Conclusion:কিছুদিন পূৰ্বে বৰপেটাৰোড চহৰৰ অমৃত দাস নামৰ এজন লোকৰ বিদেশীৰ গোচৰত মৃত্যু হোৱা বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যদিহে অমৃত দাস বিদেশী আছিল তেন্তে মৃত্যুৰ পাছত অমৃত দাসৰ মৃতদেহ ভাৰতৰ মাটিত সৎকাৰ কৰা হল কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
Sorbhog
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.