বৰপেটা, ১৩ ডিচেম্বৰঃ ২১ৰ বিধানসভাৰ নিৰ্বাচনক লৈ বৰপেটাত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে অগপই ৷ বৰপেটাত দেওবাৰে দলটোৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ উদ্যোগত তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত যুৱ সমাৰোহ আৰু যোগদান অনুষ্ঠান অনুষ্ঠিত কৰে দলটোৱে ৷
![বৰপেটাত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-07to11-13dec-aasu-leaders-join-agp-at-barpeta-visbitephoto-as10038_13122020154645_1312f_1607854605_218.jpg)
বৰপেটা সমষ্টি ভিত্তিত অনুষ্ঠিত যুৱ সমাৰোহত বৰপেটাৰ প্ৰায় পাঁচ শতাধিক আছু নেতা কৰ্মীসহ বহু সংখ্যালঘু যুৱকে যোগদান কৰে ৷ যুৱ পৰিষদৰ যোগদান সমাৰোহত অংশগ্ৰহণ কৰি বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ২১ৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰ লগতে চেঙা আৰু সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ-এআইইউডিএফ যিকোনো শক্তিকে পৰাজিত কৰিব বুলি দাবী কৰে ৷
![বৰপেটাত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-07to11-13dec-aasu-leaders-join-agp-at-barpeta-visbitephoto-as10038_13122020154645_1312f_1607854605_978.jpg)
আনহাতে অসম জাতীয় পৰিষদে অগপক কৰা সমালোচনা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্বহীদৰ তেজৰ বিনিময়ত গঠন হোৱা অগপৰ বাহিৰে আন কোনো আঞ্চলিক দলক গ্ৰহণ নকৰে বুলিও দাবী কৰে বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷