ETV Bharat / state

গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি কলগাছিয়াত আমছুৰ প্ৰতিবাদ - জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত কৰাৰকুৰত তীব্র প্ৰতিবাদ (AAMSU Protest in Kalgachia)। বেকী দলঙৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে ২ নং বিকল্প ৰাজ্যিক ঘাইপথ গৰাখহনীয়াৰ কবলত পৰাৰ পিছতো চৰকাৰে কোনোধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আমছুৰ প্রতিবাদী কাৰ্যসূচী ৰূপায়ন ।

aamsu-protest-at-kalgachia
গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি কলগাছিয়াত আমছুৰ প্ৰতিবাদ
author img

By

Published : Apr 13, 2022, 9:54 PM IST

জনীয়া, 13 এপ্ৰিল : সম্প্ৰতি বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে আমিনগাঁৱৰ পৰা দৌলাশাল হৈ লেংটিছিঙালৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয়া সমষ্টিৰ শওপুৰৰ কৰাৰকুৰ অংশ ৷ উল্লেখ্য যে, খৰালি কালত এই পথছোৱা ভালদৰে নিৰ্মাণ নকৰাৰ ফলত বাৰিষা কালত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে ৷ সেয়ে এই ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে শওপুৰৰ পথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AAMSU Protest in Kalgachia)৷

প্ৰতিবাদকাৰীসকলে, অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা মুৰ্দাবাদ, সাংসদ আব্দুল খালেক মুৰ্দাবাদ, বিধায়ক ড৹ ৰফিকুল ইছলাম মুৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, শীঘ্ৰেই চৰকাৰে গৰাখহনীয়াৰ স্থায়ী সমাধান নকৰিলে অনাগত দিনত আমছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি কলগাছিয়াত আমছুৰ প্ৰতিবাদ

একেদৰে চি পি আই এম কলগাছিয়া আঞ্চলিক কমিটিয়েও বুধবাৰে কৰাৰকুৰ বেঁকী দলঙৰ কাষত বিক্ষোভ আৰু পথ অৱৰোধ কাৰ্যসূচী পালন কৰে ৷

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ তেওঁলোকে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ এক স্থায়ী ব্যৱস্থা কৰাৰ বাবে চৰকাৰক সাতদিন সময়সীমা বান্ধি দিয়ে । সময়ৰ ভিতৰত কাম আৰম্ভ নহ’লে আমৰণ অনশন অথবা নদীৰ বুকুত গণ আত্মজাহ যোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে

লগতে পঢ়ক : নিযুক্তিৰ দাবীত ৰাজপথ অৱৰোধ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.