ETV Bharat / state

কলগাছিয়াত ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ আমছুৰ

author img

By

Published : Oct 27, 2020, 2:17 PM IST

উত্তৰ শালমাৰাৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা ২ নং ৰাষ্ট্ৰীয় ঘাইপথটো দুবছৰ পূৰ্বেই সম্পূৰ্ণ হৈছিল যদিও ৰহস্যজনক ভাৱে বগুলামাৰীৰ পৰা আদিতপুৰলৈ ২ কিঃমিঃ পথ আজিকোপতিও নিৰ্মাণ নহ'ল ৷ যাৰ ফলত পথচোৱাত প্ৰতিদিনেই তীব্ৰ যানজঁট সৃষ্টি হোৱাৰ লগতে নিতৌ সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনাও ৷

AAMSU protest against bad road conditions in Kalgachia
কলগাছিয়াত ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ আমছুৰ

জনীয়া,27অক্টোবৰঃ পথ নিৰ্মাণৰ দাবীত মঙলবাৰে ক্ষুদ্ৰকুছিত ২ নং ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ কলগাছিয়াৰ জিলা সমিতিয়ে ৷ অভিযোগ অনুসৰি ,উত্তৰ শালমাৰাৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা ২ নং ৰাষ্ট্ৰীয় ঘাইপথটো দুবছৰ পূৰ্বেই সম্পূৰ্ণ হৈছিল যদিও ৰহস্যজনক ভাৱে বগুলামাৰীৰ পৰা আদিতপুৰলৈ ২ কিঃমিঃ পথ আজিকোপতিও নিৰ্মাণ নহ'ল ৷ ফলত পথচোৱাত প্ৰতিদিনেই তীব্ৰ যানজঁট সৃষ্টি হোৱাৰ লগতে নিতৌ সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনাও ৷ বাৰম্বাৰ পথচোৱা মেৰামতিৰ দাবীত প্ৰতিবাদ কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নাই বৰপেটা জিলা প্ৰশাসনৰ ৷

ইয়াৰ পৰিপ্ৰক্ষিতত আমছুয়ে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰি শীঘ্ৰে পথচোৱা নিৰ্মাণ কৰি যাতায়তৰ বাবে সূচল কৰি দিবলৈ দাবী জনায় ৷ ইপিনে প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি অসম চৰকাৰ হায় হায়, গড়কাপ্তানী বিভাগ মূৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ তদুপৰি প্ৰতিবাদস্থলীৰ পৰাই আমছু নেতৃত্বই কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃগোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ডঃ 27 বছৰীয়া এজন যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.