বৰপেটা, ২৩ জুন : লাডাখৰ গালৱান উপত্যকাত চীনৰ আক্ৰমণৰ ঘটনাক লৈ বৰপেটাত হিন্দু জাগৰণ মঞ্চই মংগলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতিৰ লগতে চীনৰ ৰাষ্ট্ৰীয় পতাকা দাহ কৰি সীমান্তত চীনৰ আগ্ৰাসনৰ প্ৰতিবাদ জনায় হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনটোৱে ৷

লগতে, হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চীনা সামগ্ৰী বৰ্জনৰো আহ্বান জনায় সংগঠনটোৱে ৷ বৰপেটাৰ পাঁচআলি চ'কত সংগঠনটোৰ কৰ্মীসকলে চীনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : সাৱধান! সামাজিক মাধ্যমত সহজেই চিকাৰ হ'ব পাৰে আইডেনটিটি ক্লোনিঙৰ