ETV Bharat / state

বৰপেটাত পুনৰ ১৯ জনৰ দেহত COVID-19

author img

By

Published : Jul 5, 2020, 8:30 PM IST

বৰপেটা চিভিল হাস্পতালৰ স্মৃতিলতা নাথ নামৰ নাৰ্চগৰাকীৰ ঘৰ সৰভোগত ৷ কেইদিনমানৰ পৰা বিকি ভৰালী, স্মৃতিলতা নাথ আৰু স্বাস্থ্যকৰ্মী আবু ছহিদ আক্তা হোম কোৱাৰেন্টাইনত আছিল ৷ একেদৰে কলগাছিয়া থানাৰ অধীনৰ বালিকুৰি আৰক্ষী চকীৰ দুই গৃহৰক্ষী জোৱান আবু বক্কৰ চিদ্দিক আৰু আয়ুবৰ ৰহমানকো কোভিড পজিটিভ পোৱা গৈছে ৷

Barpeta
বৰপেটাত পুনৰ ১৯ জনৰ দেহত COVID ৰ উপস্থিতি

বৰপেটা, ৫ জুলাই: কৰ'ণা মহামাৰীৰ গণ সংক্ৰমণ অব্যাহত আছে বৰপেটা জিলাত ৷ ফলস্বৰূপে পুনৰ 19 জন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ এই 19 জন লোকৰ ভিতৰত বৰপেটাৰ গণককুছিৰ নৱম জাট' ৰেজিমেন্টৰ ৯ জনকৈ সেনা জোৱানৰ দেহটো কৰ'ণাৰ উপস্থিতি পোৱা গৈছে ৷

জানিব পৰা মতে, কৰ'ণাক্ৰান্ত সেনা জোৱান কেইজন মুছলপুৰত কৰ্তব্যত নিয়োজিত হৈ আছিল ৷ ইপিনে বৰপেটাৰ পাঠশালাত অৱস্থিত অতিৰিক্ত সত্ৰ আৰু ন্যায়িক দণ্ডাধীশ আদালতৰ দুই কৰ্মচাৰী সুৰজিৎ কলিতা, ৰাজুৰাম ডেকাও কৰ'ণাত আক্ৰান্ত হৈছে ৷

বৰপেটাৰ সমীপৰ কেওঁটকুছিৰ বিকি ভৰালী, কলগাছিয়াস্থিত বৰপেটা চিভিল হাস্পতালৰ নাৰ্চ স্মৃতিলতা নাথ আৰু স্বাস্থ্যকৰ্মী আবু ছহিদ আক্তা আৰু সৰভোগৰ চেঙুলীয়াৰ আন্না খাটুনৰ শৰীৰতো কৰ'ণাৰ উপস্থিতি পোৱা গৈছে ৷

লগতে পঢ়কঃ দিল্লীত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড কেয়াৰ চেণ্টাৰ মুকলি

বৰপেটা চিভিল হাস্পতালৰ স্মৃতিলতা নাথ নামৰ নাৰ্চগৰাকীৰ ঘৰ সৰভোগত ৷ কেইদিনমানৰ পৰা বিকি ভৰালী, স্মৃতিলতা নাথ আৰু স্বাস্থ্যকৰ্মী আবু ছহিদ আক্তা হোম কোৱাৰেন্টাইনত আছিল ৷ একেদৰে কলগাছিয়া থানাৰ অধীনৰ বালিকুৰি আৰক্ষী চকীৰ দুই গৃহৰক্ষী জোৱান আবু বক্কৰ চিদ্দিক আৰু আয়ুবৰ ৰহমানকো কোভিড পজিটিভ পোৱা গৈছে ৷ কোভিদ পজিটিভৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বৰপেটাৰোড চহৰৰ কলহভাঙাৰ হুছেইন নামৰ এজন যুৱক ৷ জানিব পৰা মতে, দিল্লীৰ দ্বাৰকাত গাড়ী চালক হিচাপে কৰ্মৰত হুছেইন ৷ কিছুদিন পূৰ্বে ৰেলযোগে নিজ ঘৰলৈ অহাৰ পিচতে হোম কোৱাৰেন্টাইনত আছিল যুৱকজন ৷

ইপিনে সৰ্থেবাৰী নামশলাৰ নৱ কুমাৰ ভূঞা নামৰ লোকজনো কৰ'ণাত আক্ৰান্ত ৷ তথ্য অনুসৰি, গুৱাহাটী চৰকাৰী ছপাশালৰ কৰ্মচাৰী নৱ কুমাৰ ডেকা গুৱাহাটীৰ পৰা ঘৰলৈ অহাৰ পিচতে জ্বৰত আক্ৰান্ত হৈছিল ৷ ফলত লোকজনক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ আইছ'লেছন ৱাৰ্ডত ভৰ্তি কৰা হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.