ETV Bharat / state

বৰপেটা ৰে'লৱে ষ্টেচনত উপস্থিত 114 জনকৈ শ্ৰমিক - বৰপেটাৰোড

বৃহস্পতিবাৰে আৰু 114 জনকৈ শ্ৰমিক বৰপেটাৰোড ৰে'লৱে ষ্টেচনত উপস্থিত হয় ৷ অন্ধ্ৰপ্ৰদেশৰ পৰা ডিব্ৰুগড়লৈ অহা শ্ৰমিক স্পেচিয়েল ৰে'ল যোগে উপস্থিত হয় ৷

ETV BHARAT
বৰপেটা ৰে'লৱে ষ্টেচনত উপস্থিত 114 জনকৈ শ্ৰমিক
author img

By

Published : May 28, 2020, 7:08 PM IST

বৰপেটা, 28 মেঃ বৰপেটাৰোড ৰে'লৱে ষ্টেচনত উপস্থিত 114 জনকৈ শ্ৰমিক ৷ অন্ধ্ৰপ্ৰদেশৰ পৰা ডিব্ৰুগড়লৈ অহা শ্ৰমিক স্পেচিয়েল ৰেল যোগে উপস্থিত হয় শ্ৰমিক সকল ৷

বৰপেটা ৰে'লৱে ষ্টেচনত উপস্থিত 114 জনকৈ শ্ৰমিক

অন্ধ্ৰপ্ৰদেশৰ পৰা ডিব্ৰুগড়লৈ অহা শ্ৰমিক স্পেচিয়েল ৰে'ল যোগে বৃহস্পতিবাৰে আৰু 114 জনকৈ শ্ৰমিক বৰপেটাৰোড ৰে'লৱে ষ্টেচনত উপস্থিত হয়৷ বৃহস্পতিবাৰে দুপৰীয়া উক্ত শ্ৰমিক এক্সপ্ৰেছ খন বৰপেটাৰোড ৰেলৱে ষ্টেচন আহি উপস্থিত হোৱাত শ্ৰমিক সকলক চিকিৎসকৰ দল এটিয়ে স্বাস্থ্য পৰীক্ষা কৰে ৷ ইয়াৰ পিছত বৰপেটা জিলা প্ৰশাসনে সাজু কৰি ৰখা বাছ যোগে শ্ৰমিক সকলৰ 43 জনক কয়াকুছি কলেজৰ কোৱাৰাইন্টাইন কেন্দ্ৰ আৰু 47 জন শ্ৰমিকক মন্দিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ কোৱাৰাইন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ উক্ত শ্ৰমিক স্পেচিয়েল ৰে'লখনত বাক্সা জিলাৰ 24 জন শ্ৰমিক আহিছিল যদিও উক্ত শ্ৰমিক সকল বাক্সা জিলাৰ হোৱা হেতুকে ৰঙিয়া ৰে'লৱে ষ্টেচনলৈ পঠাই দিয়া হয় ৷ শ্ৰমিক স্পেচিয়েল ৰে'লখন বৰপেটাৰোড ৰেলৱে ষ্টেচন পোৱাৰ পূৰ্বৰে পৰাই বৰপেটাৰোড ৰে'লৱে ষ্টেচনৰ অধীক্ষককে ধৰি ৰেলৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী আৰ পি এফ, জি আৰ পি আৰু বৰপেটাৰোড আৰক্ষী থানাৰ আৰক্ষীৰ দল এটিয়ে ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ৷ শ্ৰমিক স্পেচিয়েল ৰে'ল খন অহাৰ পাছত বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰী কাৰ্যবাহী দণ্ডাধীশ ছোনাক্ষী ব্ৰহ্ম উপস্থিত থাকে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা পাচ বজাত শ্ৰমিক স্পেচিয়েল ৰে'লেৰে গুজৰাটৰ পৰা অহা 144 জন শ্ৰমিককো ইতিমধ্যে বৰপেটাৰ দুখন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে ৷ বৃহস্পতিবাৰে সন্ধিয়া ৰে'লযোগে পুনৰ বৰপেটাৰোডত বহিঃৰাজ্যৰ পৰা শ্ৰমিক আহিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক- গোলাঘাটত উপস্থিত 300ৰো অধিক বহিঃৰাজ্যৰ যাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.