ETV Bharat / state

২ মে'ত বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি - ভোটগণনা

২ মে'ত বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি । শেহতীয়া, ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ এই সিদ্ধান্ত ৷

144 in barpeta on 2 may
২ মে'ত বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি
author img

By

Published : Apr 29, 2021, 9:57 PM IST

বৰপেটা ২৯ এপ্ৰিল : বৰপেটা জিলাত কৰ’ণা মহামাৰীৰ বাবে উদ্ভৱ হোৱা ভয়ানক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 2 মে’ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে ।

ইপিনে সমগ্ৰ জিলাখনতে অহা ২ মে'ৰ পুৱা ৬ বজাৰ পৰা ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ড্ৰাই ডে’ৰো ঘোষণা কৰিছে জিলাখনৰ প্ৰশাসনে । এই সময়চোৱাত সকলো সুৰাৰ দোকান, বাৰ আদি বন্ধ থাকিব । এই সময়চোৱাত সুৰা সৰবৰাহ, বিক্ৰী বা ৰাজহুৱা স্থানত সুৰা সেৱন নিষিদ্ধ ঘোষণা কৰা হৈছে ।

144 in barpeta on 2 may
২ মে'ত বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি

ইফালে, ভোট গণনাৰ পিছত বিজয় সমদল কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে । উল্লেখযোগ্য যে, বিজয়ী প্ৰাৰ্থীয়ে বা তেওঁৰ প্ৰতিনিধিয়ে নিৰ্বাচনী প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ সময়ত ২ জনতকৈ অধিক লোক লগত যাব নোৱাৰিব ।

লগতে পঢ়ক :জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.