ETV Bharat / state

Sarthebari locals call 12 hour Bandh: চৰকাৰী কাৰ্যালয় স্থানান্তৰকৰণৰ বিৰোধিতাৰে সৰ্থেবাৰীত সৰ্বাত্মক বন্ধ - জিলা উপ জিলা ঘোষণা

জিলা-উপ জিলা ঘোষণাক লৈ সৃষ্টি হৈছে ক্ষোভৰ জুই । এইবাৰ জ্বলিছে বৰপেটা জিলাৰ সৰ্থেবাৰী । পূৰ্বে ঘোষিত সৰুক্ষেত্ৰী মহকুমা কৰ্তন আৰু চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ সৰ্থেবাৰীত সৃষ্টি হৈছে ক্ষোভৰ জুই । বৃহস্পতিবাৰে পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ সৰ্থেবাৰী বন্ধ ঘোষণা কৰিছিল ৰাইজে ।

Sarthebari locals call 12 hour Bandh
চৰকাৰী কাৰ্যালয় স্থানান্তৰকৰণৰ বিৰোধিতাৰে সৰ্থেবাৰীত সৰ্বাত্মক বন্ধ
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:53 PM IST

চৰকাৰী কাৰ্যালয় স্থানান্তৰকৰণৰ বিৰোধিতাৰে সৰ্থেবাৰীত সৰ্বাত্মক বন্ধ

বৰপেটা ১৪ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ সৰ্থেবাৰীত বৃহস্পতিবাৰে পুৱা পাঁচ বজাৰ পৰা আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ চহৰখনৰ সকলো দোকান-পোহাৰৰ লগতে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ উল্লেখ্য যে, জিলা-উপ জিলা ঘোষণাক লৈ সৰ্থেবাৰীত সৃষ্টি হৈছে ক্ষোভৰ জুই । সৰ্থেবাৰী অঞ্চলত থকা চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰিব বিচৰা কাৰ্যক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে সৰ্থেবাৰীৰ ৰাইজ ।

সৰ্থেবাৰীস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় কয়াকুছিলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশনা প্ৰেৰণ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজ । পূৰ্বে ঘোষিত সৰুক্ষেত্ৰী মহকুমা কৰ্তনৰ লগতে এটাৰ পাচত আনটো চৰকাৰী কাৰ্যালয় স্থানান্তকৰণৰ পাচত অস্তিত্বৰ সংকটত ভুগিছে ঐতিহাসিক সৰ্থেবাৰীৰ ৰাইজ । চৰকাৰী এই সিদ্ধান্তৰ বিৰুদ্ধে সৰ্থেবাৰীত প্ৰতিবাদী সভাই ঘোষণা কৰিছিল আন্দোলন কাৰ্যসূচী ।

বৃহস্পতিবাৰে পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ সৰ্থেবাৰী বন্ধ ঘোষণা কৰিছিল ৰাইজে । সেই অনুসৰি বৃহস্পতিবাৰে পুৱা পাঁচ বজাৰ পৰা সৰ্বাত্মক বন্ধ হৈ পৰিছে সৰ্থেবাৰী । বন্ধ হৈ পৰিছে সৰ্থেবাৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠান, যাতায়ত ব্যৱস্থা । সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত ৰূপায়ণ কৰা হৈছে ধৰ্ণা কাৰ্যসূচী ।

ধৰ্ণা কাৰ্যসূচীত সহস্ৰাধিক লোক উপস্থিত হৈ উত্তাল কৰি তোলে পৰিবেশ । অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস মুৰ্দাবাদ, সৰ্থেবাৰীৰ পৰা চৰকাৰী কাৰ্যালয় স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব, আমাক উপ-জিলা লাগিবই, তেজ দিম কাৰ্যালয় নিদিওঁ আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । তেওঁলোকে উপ-জিলা ঘোষণা নকৰালৈ এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.