বৰপেটা, ২৮ মে: বৰপেটা জিলাত শুকুৰবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত হৈ ১০ গৰাকী ৰোগীৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে জিলাখনত ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩ গৰাকীলৈ বৃদ্ধি পায় ৷
জিলাখনত শুকুৰবাৰে ১৭২ গৰাকী ক'ভিড ৰোগী সুস্থ হৈ উঠাৰ পৰিৱৰ্তে শুকুৰবাৰৰ দিনটোতে নতুনকৈ ১৯৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত ৰোগী সংখ্যা হৈছে ৫৩২৭ গৰাকী ৷
ইফালে বৰপেটাত মুঠ ৩১৩২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ শুকুৰবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২০৮২ গৰাকী ৷ উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত জিলাখনত পৰীক্ষা কৰা ৪৪৬৩ গৰাকী লোকৰ ভিতৰত ১৯৬ গৰাকীৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱা যায় ৷ বৰপেটাত ক'ভিড আক্ৰান্তৰ হাৰ ৪·৩৯ শতাংশ ।