বাক্সা,24 জুনঃ বাক্সা জিলাৰ চাপাগুৰীৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ বিটিচিৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ মধুপুৰৰ মইনাগুৰী গাঁৱৰ বিভিন্ন ভাষা ভাষীৰ সাতশটা পৰিয়াল আজি জল সংকটত । নাই কোনো ধৰণৰ যাতায়তৰ সুব্যৱস্থা, একপ্ৰকাৰ শূণ্য শতাংশ উন্নয়ন । স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি প্ৰায় ১২ বছৰ ধৰি বাৰিষা সময়চোৱাত গাঁওখনৰ মাজত থকা ২৭ নং এছ এছ বি বাহিনীয়ে যোগান ধৰা পানীৰ ভৰষাতে পিয়াহ নিবাৰণ কৰি আহিছে ৰাইজে । কাৰণ ১২টা বছৰৰ পূৰ্বেই বনৰীয়া হাতীয়ে চৰকাৰৰ পানী যোগান আঁচনিটো ভাঙি লণ্ড ভণ্ড কৰিছিল। তাৰ পিছৰে পৰা ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে । এই ক্ষেত্ৰত বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি স্থানীয় লোকসকলে অভিযোগ কৰে ।
বাক্সাৰ মধুপুৰ মইনাগুৰীৰ ৰাইজ জল সংকটত - ২৩ নং দিহিৰা পৰিষদীয় সমষ্টি
প্ৰায় ১২ বছৰ ধৰি বাৰিষা সময়চোৱাত গাঁওখনৰ মাজত থকা ২৭ নং এছ এছ বি বাহিনীয়ে যোগান ধৰা পানীৰ ভৰষাতে পিয়াহ নিবাৰণ কৰি আহিছে ৰাইজে । কাৰণ ১২টা বছৰৰ পূৰ্বেই বনৰীয়া হাতীয়ে চৰকাৰৰ পানী যোগান আচঁনিটো ভাঙি লণ্ড ভণ্ড কৰিছিল।