ETV Bharat / state

বৰপেটা আৰু বাক্সাটো বিশ্ব হিন্দু পৰিষদৰ পাকিস্তানী পতাকা দাহ

author img

By

Published : Oct 9, 2021, 9:51 PM IST

জম্মু-কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাবাদীৰ দ্বাৰা হিন্দু ওপৰত হোৱা বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ প্ৰতিবাদত শনিবাৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ৷ বৰপেটা আৰু বাক্সা জিলাতো উত্তাল প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ ৷

ৰপেটা আৰু বাক্সাটো বিশ্ব হিন্দু পৰিষদৰ পাকিস্তানী পতাকা দাহ

বাক্সা, বৰপেটা ৯ অক্টোবৰঃ জম্মু-কাশ্মীৰ পাকীস্তানী সন্ত্ৰাসবাদীয়ে নিৰিহ ভাৰতীয় লোকক কৰা হত্যাৰ প্ৰতিবাদত শনিবাৰে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত দুমুনীত বিশ্ব হিন্দু পৰিষদৰ, বজৰং দলে পাকিস্তানী পতাকা দাহন কাৰ্যসূচী ৰূপায়ন কৰে ।

উক্ত কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী লোকসকলে জম্মু কাশ্মীৰত সংঘটিত বৰ্বৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনেকুৱা অমানৱীয় ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে পাকিস্তানক সকীয়নী প্ৰদান কৰে । প্ৰতিবাদকাৰী সকলে পাকিস্তান মুৰ্দাবাদ, হিন্দু হত্যাকাৰী হুচিয়াৰ, জয় শ্ৰী ৰাম আদি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে । ইয়াৰ পাছতে ঘটনাস্থলীত দুমুনী আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে ।

একেদৰে বৰপেটা জিলাটো সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ৷ বৰপেটাৰ কেওটকুছিতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিশ্ব হিন্দু পৰিষদে ৷ পাক সমৰ্থিত উগ্ৰপন্থীৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদৰ বৰপেটা জিলা সমিতিয়ে কেওটকুছিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে পাকিস্তানৰ পতাকা দাহ কৰি পাক বিৰোধী ধ্বনি দিয়ে । প্ৰতিবাদকাৰীসকলে পাকিস্তান মুৰ্দাবাদ, পাকিস্তান নিপাত যাওক আদি শ্ল’গান দিয়ে ৷

লগতে পঢ়কঃ তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.