ETV Bharat / state

বাক্সাত ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ শালবাৰীত ড্ৰাগছ সহ বিল্লাল হুছেইন আৰু মহম্মদ আলী নামৰ দুজন লোকক আটক কৰা হয় ৷

author img

By

Published : May 26, 2021, 10:49 PM IST

বাক্সাত ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ
বাক্সাত ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ

বাক্সা, ২৬ মে': অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ নিদ্ৰাহৰণ হৈছে ড্ৰাগছৰ লগত জড়িত ব্য়ৱসায়ীসকলৰ ৷ ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীৰ তৎপৰতাত ড্ৰাগছসহ আটক কৰা হৈছে সৰবৰাহকাৰীক ৷ বুধবাৰে বাক্সা জিলাৰ শালবাৰীৰ শিমলাগুৰিত ড্ৰাগছসহ আটক কৰা হয় দুজনকৈ লোকক ।

বাক্সাত ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ

শালবাৰী মহকুমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নিৰ্দেশত চলোৱা অভিযানত আটক কৰা হয় লোক দুজনক । গোৱৰ্দ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত শিমলাগুৰি উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া আকাশ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে লোক দুজনক ।

আটক কৰা লোক দুজনৰ নাম বিল্লাল হুছেইন আৰু মহম্মদ আলী বুলি জানিব পৰা গৈছে । ধৃত লোক দুজনক মঙলবাৰে আটক কৰা হৈছিল যদিও বুধবাৰে শিমলাগুৰি উপ-আৰক্ষী চকীৰ পৰা গোৱৰ্দ্ধনা আৰক্ষী চকীলৈ লৈ অনা হয় আৰু তাৰ পৰাই জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

জানিব পৰা মতে আৰক্ষীয়ে শালবাৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : এখন এম্বুলেঞ্চৰ বাবে হাহাকাৰ জিনজিয়াবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.