বাক্সা,১ মাৰ্চ: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৈত এৰি দিয়া হ'ল বজালীত উদ্ধাৰ হোৱা বিলুপ্তিপ্ৰায় প্ৰজাতিৰ কাছটো । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংৰক্ষণৰ কামত নিয়োজিত মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ নেতৃবৃন্দই দেওবাৰে নিশা এই কাছটো উদ্ধাৰ কৰে ।
মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'চাইটিৰ সাধাৰণ সম্পাদক ৰুস্তম বসুমতাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দেওবাৰে নিশা বজালী জিলাৰ বামাখাটাত এটা কাছ মাছমৰীয়াৰ জালত উঠা বুলি খবৰ লাভ কৰাৰ পিছতে তেওঁৰ নেতৃত্বত স্বেচ্ছাসেৱী সংগঠনটোৰ এটা দল বামাখাটাত উপস্থিত হয় ।
দলটোৱে "Indian Peacock Softshell Turtle" প্ৰজাতিৰ কাছটো উদ্ধাৰ কৰে আৰু স্বেচ্ছাসেৱী সংগঠনটোৰৰ শেৱালি কেম্পলৈ লৈ আনে । সোমবাৰে কাছটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৈত এৰি দিয়া হয় ।