ETV Bharat / state

33 বছৰে মুকলি নহ'ল তামুলপুৰৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়

চিকিৎসালয় গৃহৰ লগতে কৰ্মচাৰীৰ আবাসগৃহ পৰ্যন্ত সম্পূৰ্ণ হৈ উঠাৰ পাছতো তামুলপুৰৰ চিকিৎসালয়খন মুকলি নকৰাৰ ফলত এতিয়া হাবি-জংঘলে আৱৰি পেলাইছে গৃহসমূহ । চিকিৎসালয়খনৰ বহুকেইটা গৃহ জহি-খহি যোৱাও পৰিলক্ষিত হৈছে ।

author img

By

Published : Jun 12, 2020, 1:06 PM IST

Tamulpur
তামুলপুৰ

তামুলপুৰ, 12 জুনঃ ১৯৮৬ চনত অগপ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল তামুলপুৰৰ এখন চিকিৎসালয়, কিন্তু আজিকোপতি মুকলি নহ'ল চিকিৎসালয়খন ৷ বাক্সা জিলা আৰু কামৰূপ জিলাৰ সীমান্তত 33 বছৰ পূৰ্বে বৃন্দাবন অঞ্চলটোত নিৰ্মাণ কৰা হৈছিল ৩০খন বিচনাযুক্ত চিকিৎসালয়খন ৷ কিন্তু পৰিতাপৰ বিষয় যে, আজি ৩৩ বছৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া নহ'ল চিকিৎসালয়খন ৷

তামুলপুৰ

চিকিৎসালয় গৃহৰ লগতে কৰ্মচাৰীৰ আবাসগৃহ পৰ্যন্ত সম্পূৰ্ণ হৈ উঠাৰ পাছতো চিকিৎসালয়খন মুকলি নকৰাৰ ফলত এতিয়া হাবি-জংঘলে আৱৰি পেলাইছে গৃহসমূহ । চিকিৎসালয়খনৰ বহুকেইটা গৃহ জহি-খহি যোৱাও পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি

বিগত ৩৩ বছৰে ৰাজ্যখনত অগপৰ লগতে কংগ্ৰেছ, বিজেপি চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে যদিও ৰাইজৰ বহু আবেদনৰ পিছতো এই চিকিৎসালয়খনৰ কোনো ব্যৱস্থা হাতত নল'লে তিনিওখন চৰকাৰে ৷ যাৰ ফলত চিকিৎসাৰ নামত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ লোক ৷ সেয়ে শীঘ্ৰে এই চিকিৎসালয়খন পুনৰ মেৰামতি কৰি কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.