বাক্সা, 1 জুনঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ সেনাৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত অঘটন ৷ ভূটান সীমান্তৰ ফায়াৰিং ৰেঞ্জত শনিবাৰে পুৱাৰে পৰা ১০৪ ইঞ্জিনিয়াৰ ৰেজিমেন্ট ডিমাপুৰ (থ্ৰী ক’ৰৰ) সেনাবাহিনীৰ এটা দলে অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল । সেই সময়তে সেনাৰ অজ্ঞাতে এজন যুবকে গুলী-বাৰুদৰ অৱশিষ্ট বুটলিবলৈ ফায়াৰিং ৰেঞ্জত প্ৰবেশ কৰিছিল ৷ ফায়াৰিং ৰেঞ্জৰ ৰকেট লান্সাৰে হঠাতে যুবকজনৰ দেহত আঘাত কৰাত ঘটনাস্থলীতেই নিহত হয় যুৱকজন ৷ নিহত যুৱকজন দৰংগামেলা আৰক্ষী চকীৰ অন্তৰ্গত এক নং পাহাৰপুৰ গাঁৱৰ ট্ৰেনজিং গয়াৰী (২২) বুলি জানিব পৰা গৈছে ৷
ইতিমধ্যে ঘটনাস্থলীত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া, দৰংগামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷
আৰু পঢ়কঃ বাইহাটা চাৰিআলিত এইয়া কি? পথ নে পথাৰ...