বাক্সা, ২৭ অক্টোবৰ:" যিসকল ব্যক্তিয়ে এনে ধৰণৰ শিক্ষানুষ্ঠানসমূহ চিন্তা-চৰ্চা কৰি গঢ়িলে তেওঁলোক ধন্যবাদৰ পাত্ৰ ৷ সেই সময়ৰ লোকসকল শিক্ষিত নাছিল যদিও দুৰদৰ্শী আছিল । এই ব্যক্তিসকলে আমাৰ নতুন চামক শিক্ষাৰ পোহৰ দিবলৈ যত্নপৰ আছিল ৷ সেই সকল ব্যক্তিয়ে কোনো পুৰস্কাৰ বিচৰা নাছিল ৷" বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী (Silver Jubilee of Barama Bathou Ashram High School) উৎসৱৰ মুকলি সভাত অংশগ্ৰহণ কৰি এইদৰে কয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে (Assam Assembly Speaker Biswajit Daimary) ৷
বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ (MLA Bhupen Bodo)সভাপতিত্বত অনুষ্টিত মুকলি সভাত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে পুনৰ কয় যে আমাৰ শিক্ষা ব্যৱস্থা সলনি হ'ল । এতিয়াৰ শিক্ষা ব্যৱস্থা হৈছে প্ৰতিযোগিতাৰ ৷ অকল স্কুল- কলেজত গৈয়ে ক্ষান্ত নাথাকি ঘৰতে যিমান পাৰে সিমান অধ্যয়ন কৰিলেহে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰি বুলিও তেওঁ কয়। মাতৃভাষাৰ লগতে ইংৰাজী ভাষাৰ জ্ঞান বৰ্তমান সময়ত অপৰিহাৰ্য্য বুলিও উল্লেখ কৰে দৈমাৰীয়ে ৷ বাথৌ আশ্ৰম বৰমাৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে সুকীয়াকৈ ইংৰাজী বাৰ্তালাপ কৰাৰ কাৰণে শিক্ষক নিয়োগ কৰিবলৈ স্থানীয় বিধায়কক তেওঁ আহ্বান জনায় ৷
ইপিনে, মিঞা মিউজিয়াম সম্পৰ্কে তেওঁ কয় যে মিঞা মিউজিয়ামত (Mia Museum) তেওঁলোকে যি যি সজুলি সংগ্ৰহ কৰিছে সেইবোৰ আচলতে অসমৰে সম্পদ ৷ বেলেগ কোনো নতুন সৃষ্টি নহয় ৷ নাঙল, জাপি সচৰাচৰ অসমবাসীয়ে ব্যৱহাৰ কৰে ৷ এইবোৰ কোনো মিঞাৰ নহয় বুলিও তেওঁ কয় ৷
মুকলি সভাখন উদ্বোধন কৰে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীয়ে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে ১৯৯৮ চনত স্থাপন কৰা বৰমা বাথৌ আশ্ৰম হাইস্কুলখন আজি আহি আহি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে এই প্ৰতিষ্ঠানখন চলি আছে ৷ বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অতি উন্নতমানৰ বুলিও ভাষণত উল্লেখ কৰে ৷
উক্ত মুকলি সভাত উপস্থিত থাকে বড়ো সাস্কৃতিক শিক্ষক বিনন্দ স্বৰ্গীয়াৰী, ট্ৰাইবেল সংঘৰ সম্পাদক থানেশ্বৰ বড়ো, বৰমা এম্পায়াৰ একাডেমীৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰী, আঠিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰনিছ চাংগ্ৰাঙ ৰামছিয়াৰী, পায়নীয়াৰ একাডেমীৰ অধ্যক্ষা বৃছা বসুমতাৰীৰ লগতে স্কুল পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱক সকল ৷ ইয়াৰ পুৰ্বে পুৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷
লগতে পঢ়ক:Pollution in Assam: প্ৰতিকূল বতৰৰ বাবে দীপাৱলীত হ্ৰাস পালে প্ৰদূষণ